অসম

assam

ETV Bharat / bharat

মণিপুৰৰ ম'ৰেত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ

Kuki Militants Fired in Manipur : প্ৰাপ্ত তথ্য অনুসৰি, উগ্ৰপন্থীয়ে ম'ৰে ষ্টেট বেংকৰ ওচৰত নিৰাপত্তাৰক্ষীৰ এটা চকীত বোমা নিক্ষেপ আৰু গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে । এই ঘটনাত এজন সুৰক্ষা কৰ্মী সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

মণিপুৰৰ ম'ৰেত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ
মণিপুৰৰ ম'ৰেত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ

By PTI

Published : Jan 17, 2024, 11:52 AM IST

নিউজ ডেস্ক, ১৭ জানুৱাৰী :বুধবাৰে পুৱা মণিপুৰৰ টেংনুপাল জিলাৰ সীমান্ত চহৰ ম'ৰেত নিৰাপত্তাৰক্ষীয়ে সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

আৰক্ষীয়ে জনোৱা মতে, উগ্ৰপন্থীয়ে ম'ৰে ষ্টেট বেংকৰ ওচৰত নিৰাপত্তাৰক্ষীৰ এটা চকীত বোমা নিক্ষেপ আৰু গুলীচালনা কৰে । নিৰাপত্তাৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে । খবৰ অনুসৰি, এই গুলীয়াগুলীৰ ঘটনাত এজন সুৰক্ষা কৰ্মী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় । কিন্তু বিশদ বিৱৰণ এতিয়াও লাভ কৰা হোৱা নাই ।

সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে সীমান্তৱৰ্তী চহৰখনত ৰাজ্যিক আৰক্ষীয়ে এজন আৰক্ষী বিষয়াৰ হত্যাৰ অভিযুক্ত দুই সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰাৰ ৪৮ ঘণ্টা পিছত নিৰাপত্তা বাহিনীৰ ওপৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে শান্তি ভংগ, ৰাজহুৱা জনজীৱনৰ প্ৰতি ভাবুকি আৰু টেংনুপাল অঞ্চলত জীৱন আৰু সম্পত্তিৰ বাবে গুৰুতৰ বিপদৰ সম্ভাৱনাৰ তথ্য লাভ কৰাৰ পিছত মণিপুৰ চৰকাৰে ১৬ জানুৱাৰীৰ পুৱাৰ পৰা কাৰ্ফিউ জাৰি কৰে ।

টেংনুপালৰ জিলা দণ্ডাধীশৰ নিৰ্দেশটোত লগতে কোৱা হয় যে এই কাৰ্ফিউ অৱশ্যে আইন-শৃংখলাৰ লগত জড়িত আৰু অত্যাৱশ্যকীয় সেৱাত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ।

ইফালে, আন এক প্ৰতিবেদনত কোৱা হৈছে যে মঙলবাৰে নিশা ইম্ফল পশ্চিম জিলাৰ কৌটৰুক গাঁৱত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ সৈতে গাঁওৰক্ষী বাহিনীৰ দুঘণ্টাৰো অধিক সময় ধৰি গুলীবৰ্ষণ হয় ।

ইয়াৰ পিছত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী অঞ্চলটোত গৈ উপস্থিত হোৱাত আক্ৰমণকাৰীয়ে গুলীবৰ্ষণ বন্ধ কৰে । উল্লেখ্য যে আৰক্ষীয়ে যোৱা বছৰ অক্টোবৰত এছডিপিঅ' চি আনন্দৰ হত্যাৰ দুই মুখ্য সন্দেহজনক ফিলিপ খোংচাই আৰু হেমোখোলাল মেটক গ্ৰেপ্তাৰ কৰে । দুয়োৱে নিৰাপত্তাৰক্ষীৰ বাহনৰ ওপৰত গুলীচালনা কৰিছিল যাৰ পিছত আৰক্ষীয়ে তেওঁলোকক খেদি নি কৰায়ত্ত কৰে ।

দুয়োকে পিছত ম'ৰেৰ ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । তেওঁলোকৰ পৰা দুই ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা পিষ্টল, এটা চীনা হেণ্ড গ্ৰেনেড, দহ ৰাউণ্ড সজীৱ গুলী, এ কে ছিৰিজক অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু দহটা ডিটনেটৰ জব্দ কৰা হয় ।

লগতে পঢ়ক :ভাৰত-পাক সীমান্তত বি এছ এফে আৰম্ভ কৰিছে অপাৰেচন চাৰ্ড হাৱা

ABOUT THE AUTHOR

...view details