অসম

assam

ETV Bharat / bharat

পুলৱামাত এটা আই ই ডি নিষ্ক্ৰিয় কৰিলে নিৰাপত্তা বাহিনীয়ে - আই ই ডি উদ্ধাৰ

জম্মু-কাশ্মীৰৰ পুলৱামাত শুকুৰবাৰে এটা আই ই ডি উদ্ধাৰ হয় । ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই নিৰাপত্তা বাহিনীয়ে নিষ্ক্ৰিয় কৰে আই ই ডিটো ।

পুলৱামাত এটা আই ই ডি উদ্ধাৰ
পুলৱামাত এটা আই ই ডি উদ্ধাৰ

By

Published : Apr 23, 2021, 1:49 PM IST

নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: শুকুৰবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত এটা আই ই ডি উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে । পুৱা পুলৱামাৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত নিৰাপত্তা বাহিনীয়ে আই ই ডিটো প্ৰত্যক্ষ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে আই ই ডিটো উদ্ধাৰ কৰি সফলভাৱে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় । ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই প্ৰতিহত কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে ।

বিগত দিনকেইটাত জম্মু-কাশ্মীৰত বিশেষকৈ দক্ষিণ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে আছে । এনে সময়তে আই ই ডি উদ্ধাৰৰ ঘটনাই উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

ABOUT THE AUTHOR

...view details