নিউজ ডেস্ক, ১৭ জানুৱাৰী :মঙলবাৰৰ দিনটো ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিন হিচাপে প্ৰমাণিত হৈছে । নক্সাল বেল্ট বস্তাৰ কাঙ্কেৰত নিৰাপত্তা বাহিনীৰ দলে নক্সালবাদী শিবিৰত আক্ৰমণ কৰে । এই আক্ৰমণত নক্সালবাদীয়ে কথমপি নিজৰ জীৱন ৰক্ষা কৰি পলায়ন কৰে ।
জানিব পৰা মতে, নক্সালবাদীয়ে তাত বোমা তৈয়াৰ কৰি আছিল । সেই সময়তে সুৰক্ষা বাহিনীৰ দলটোৱে তাত আক্ৰমণ চলায় । আক্ৰমণৰ পিছত নক্সালবাদীসকলে তাৰ পৰা পলায়ন কৰে । আনহাতে, নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি এই অভিযানত বহু নক্সালবাদী ধৰা পৰিছে । অৱশ্যে সুৰক্ষা বাহিনীয়ে এতিয়ালৈকে এই বিষয়ত বিতং একো প্ৰকাশ কৰা নাই ।
উল্লেখ্য যে মঙলবাৰে নিৰাপত্তাৰক্ষীৰ আক্ৰমণত দান্তেৱাড়াত এজন নক্সালবাদী নিহত হয় । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ কে বৰ্মনে ইটিভি ভাৰতক জনায় যে সুৰক্ষা বাহিনীয়ে মাগনাৰ অঞ্চলত অভিযান চলায় । আৰক্ষী বাহিনীয়ে তাত অনুসন্ধানৰ বাবে উপস্থিত হৈছিল । সেই সময়তে মাওবাদীয়ে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে । আনহাতে, নিৰাপত্তা বাহিনীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত নক্সালবাদীসকল ঘটনাস্থলীৰ পৰা পলাই যায় । অনুসন্ধানৰ পিছত এজন নক্সালবাদীৰ মৃতদেহ সুৰক্ষা বাহিনীয়ে মাগনাৰৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰে ।