নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ২০০১ চনৰ ১৩ ডিচেম্বৰৰ সন্ত্ৰাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ঘটনা পুনৰ সজীৱ হ'ল বুধবাৰে । সংসদত নিৰাপত্তাৰ স্পষ্ট ত্ৰুটি উন্মোচন কৰাৰ এটা ঘটনাত দুজন ব্যক্তিয়ে লোকসভাৰ দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা হঠাতে জঁপিয়াই পৰে । আনহাতে, হালধীয়া ধোঁৱা নিৰ্গত হোৱা এটা ৰং বোমাও দলিয়ায় সদনৰ বাহিৰত । ইফালে সদনৰ সদস্যসকলে তেওঁলোকক ধৰি নিৰাপত্তাৰক্ষীক গতাই দিয়ে । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিম্ন সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । ঘটনা সন্দৰ্ভত দুজন সন্দেহজনক লোকক জিম্মাত লোৱা হৈছে আৰু 'ৰং বোমা' সদন চৌহদত জব্দ কৰা হৈছে ।
উল্লেখ্য যে দুয়োজন অনুপ্ৰৱেশকাৰীয়ে দৰ্শনাৰ্থী গেলেৰীৰ পৰা নিৰাপত্তা ব্যৱস্থা উলংঘন কৰি ভিতৰলৈ ধুমুহা গতিত প্ৰৱেশ কৰে । এজন অনুপ্ৰৱেশকাৰীক সদনত সদস্যসকলৰ বেঞ্চৰ ওপৰেৰে জঁপিয়াই যোৱা দেখা গৈছে । অৱশ্যে সন্দেহযুক্ত লোক দুজনক আটক কৰা হৈছে । কিন্তু সংসদ চৌহদত তেওঁলোকে সৃষ্টি কৰা এই কাৰ্যৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।
আনহাতে, ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কয় যে ৰং বোমা নিক্ষেপৰ ঘটনাটো সংসদৰ বাহিৰত সংঘটিত হয় । এজন পুৰুষ আৰু এগৰাকী মহিলাসহ দুজন প্ৰতিবাদকাৰীয়ে ৰঙৰ ধোঁৱাৰে প্ৰতিবাদ কৰে । তেওঁলোকক পৰিবহণ ভৱনৰ সন্মুখত আটক কৰা হয় । আটকাধীন লোক দুজনক হাৰিয়ানাৰ বাসিন্দা নীলম (৪২) আৰু মহাৰাষ্ট্ৰৰ অমল শিন্দে (২৫) বুলি চিনাক্ত কৰা হৈছে । পৰৱৰ্তী অনুসন্ধান চলি আছে ।