নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ :দিল্লীৰ ইজৰাইলী দূতাবাসৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে । দূতাবাসৰ সমীপত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । বৃহস্পতিবাৰে পুৱা চৌহদৰ চাৰিওফালে লোকৰ চলাচল সীমিত কৰা হৈছে আৰু সমান্তৰালকৈ অঞ্চলটোত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।
উল্লেখ্য যে দিল্লী আৰক্ষীয়ে মঙলবাৰে এটা ফোন পাইছিল যে চাণক্যপুৰীৰ ইজৰাইলী দূতাবাসৰ সমীপত এটা বিস্ফোৰণৰ শব্দ শুনা গৈছে । কিন্তু বিষয়াসকলে নিশ্চিত কৰিছিল যে ঘটনাস্থলীত তেনে কোনো একো প্ৰমাণ পোৱা নগ'ল । দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে সন্ধিয়া প্ৰায় ৬ বজাত এই ফোনটো পাইছিল । বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ক ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হয় ।
ইফালে, দিল্লী আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিচত দুজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছে । অৱশ্যে বিষয়াসকলে এই ঘটনাত তেওঁলোক জড়িত থকাৰ কোনো নিশ্চিত তথ্য লাভ কৰা নাই । সূত্ৰৰ মতে মঙলবাৰে সন্ধিয়া ইজৰাইল দূতাবাসৰ ওচৰত ঘূৰি ফুৰা দুজন ব্যক্তিক কথিত বিস্ফোৰণ ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে ।