অসম

assam

ETV Bharat / bharat

কৃষক বিদ্ৰোহ : দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী - নতুন কৃষি আইন

দিল্লীৰ বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী ৷ লগতে বুৰাৰী গ্ৰাউণ্ডত থকা কৃষকসকলক প্ৰদান কৰা হৈছে যাৱতীয় সকলো সুবিধা ৷ এই মন্তব্য উত্তৰ-পশ্চিম দিল্লীৰ ডিচিপি বিজয়ন্তা আৰ্যৰ ৷

দিল্লীৰ বুৰাৰী গ্ৰাউণ্ড
কৃষক বিদ্ৰোহ

By

Published : Dec 1, 2020, 12:42 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ :কৃষক বিদ্ৰোহৰ বাবে ধাৰ্য কৰা দিল্লীৰ দাঁতিকাষৰীয়া অঞ্চল বুৰাৰী গ্ৰাউণ্ডত বৃদ্ধি কৰা হৈছে নিৰাপত্তা বাহিনী ৷ এই স্থানক 'মুক্ত কাৰাগাৰ' হিচাপে আখ্যা দিছে ভাৰতীয় কৃষাণ ইউনিয়ন ক্ৰান্তিকাৰীৰ (BKU) পাঞ্জাৱ ইউনিটৰ প্ৰধান সুৰজিত সিং ফোলে ৷

উত্তৰ-পশ্চিম দিল্লীৰ ডিচিপি বিজয়ন্তা আৰ্যই কয় যে, বুৰাৰী গ্ৰাউণ্ডত থকা কৃষকসকলক প্ৰয়োজনীয় সুবিধাসমূহ প্ৰদান কৰা হৈছে ৷

কৃষক বিদ্ৰোহ

তেওঁ কয়, "দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদৰ বাবে অহা কৃষকসকলক বুৰাৰী গ্ৰাউণ্ডত থাকিবলৈ দিয়া হৈছে ৷ নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে ৷ প্ৰয়োজনীয় সুবিধা যেনে, পানী, পৰিস্কাৰ-পৰিচ্চন্নতা, বিদ্যুৎ সংযোগ আৰু খাদ্য প্ৰদান কৰা হৈছে ৷"

কৃষক বিদ্ৰোহ

বিজয়ন্তা আৰ্যই লগতে কয়, "দিল্লী আৰক্ষীয়ে ৰাজ্যখনৰ সীমান্তলৈ আহিবলৈ কৃষকসকলক আহ্বান জনাইছে ৷ প্ৰায় 500-600 কৃষক ইতিমধ্যে আহিছে আৰু কিছুসংখ্যক কৃষক আহি আছে ৷ এই কৃষকসকলৰ সুৰক্ষা আমি নিশ্চিত কৰিছো ৷"

কৃষক বিদ্ৰোহ

একে সময়তে কৃষকসকলে গাজিপুৰ-গাজিয়াবাদ (দিল্লী-উত্তৰ প্ৰদেশ) সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ দেওবাৰে সন্ধিয়া ভাগত গাজিয়াবাদত কৃষকসকলে আৰক্ষীৰ বেৰিকেড ভাঙি পেলাইছিল ৷ ইয়াৰ ফলত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হৈছিল ৷

আনহাতে, তিক্ৰী সীমান্তৰ দিল্লী-বাহাদুৰগড় পথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে নতুন দিল্লীৰ বুৰাৰীলৈ আহ্বান জনাইছে যদিও কৃষকসকলে সেই স্থানলৈ যাবলৈ অমান্তি হৈছে ৷

সুৰজিত সিং ফোলে এক সংবাদমেলত কয় যে, কৃষকলৈ আগবঢ়োৱা চৰ্তসমূহ অসন্মানস্বৰূপ ৷ তেওঁ কয়, "আমি কেতিয়াও বুৰাৰীলৈ নাযাও ৷ এয়া পাৰ্ক নহয়, মুক্ত কাৰাগাৰৰ দৰে৷ দিল্লী আৰক্ষীয়ে উত্তৰাখণ্ড কৃষক পৰিষদৰ সভাপতিক কৈছিল যে তেওঁলোকক যন্তৰ-মন্তৰলৈ নিব কিন্তু বুৰাৰীত বন্দী কৰি ৰাখিলে ৷"

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কৃষকসকললৈ আহ্বান জনাইছিল যে, তেওঁলোকে বুৰাৰী গ্ৰাউণ্ডলৈ স্থানান্তৰিত হ'লে তেওঁলোকৰ সৈতে আলোচনাত বহিব ৷

লগতে পঢ়ক :গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

ABOUT THE AUTHOR

...view details