অসম

assam

PM Modi visit to Tripura today : নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা

By

Published : Jan 4, 2022, 10:03 AM IST

মঙলবাৰে ত্ৰিপুৰা আৰু মণিপুৰ ভ্ৰমণলৈ আহিব (PM Modi to visit Tripura and Manipur Today) দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা (Security beefed up in Tripura ahead of PM Modi's visit) ৷ প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয় ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ আলোক আৰু ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে ৷

security-beefed-up-in-tripura-ahead-of-pm-modis-visit
নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা

আগৰতলা, 4 জানুৱাৰী : মঙলবাৰে ত্ৰিপুৰা ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে (PM Modi to visit Tripura) ৷ ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি দেখা গৈছে উখল মাখল পৰিৱেশ ৷ তাৰ সমান্তৰালকৈ ত্ৰিপুৰাত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে 4800 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া 22 টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব (PM Modi will inaugurate and lay the foundation stone of 22 development projects) ৷

মোডীৰ ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে (Security beefed up in Tripura ahead of PM Modi's visit) ৷ দেওবাৰে নিশা প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয় ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ আলোক আৰু ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে ৷

নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধান ভি এছ যাদৱে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ বাবে নিৰাপত্তা পূৰ্বৰ তুলনাত বৃদ্ধি কৰা হোৱা বুলি সদৰী কৰে ৷ সামৰিক পোছাকৰ বিপৰীতে অসামৰিক পোছাক পৰিহিত আৰক্ষীৰ বহুকেইটা দলে ৰাজ্যৰ ভিন্ন স্থানত তীক্ষ্ন নজৰ ৰাখিছে ৷ সোমবাৰে পুৱাৰ ভাগত আৰক্ষীৰ এটা দলে ৰাজ্যখনৰ ভিন্ন স্থানত "Dry Run" শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰে ৷

আনহাতে, কিমান সংখ্যক নিৰাপত্তাৰক্ষী ৰাজ্যখনত মোতায়েন কৰা হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত যাদৱে স্পষ্ট মত প্ৰকাশৰ পৰা বিৰত থাকে ৷ বিপৰীতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী বাহিনী মোতায়েন কৰা বুলি কয় ৷ ত্ৰিপুৰাত গৰিষ্ঠসংখ্যক সন্দেহজনক বাংলাদেশী থকাৰ ওপৰত ভিত্তি কৰি যথেষ্ঠ সংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে ৷ ৰাজ্যখনৰ সকলো থানা, আউটপোষ্ট আৰু ত্ৰিপুৰাৰ ষ্টেট ৰাইফলকো সতৰ্ক থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰে ৷

তদুপৰি সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি প্ৰধানমন্ত্ৰীৰ বৈঠকৰ বাবে সাজু হৈছে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসন ৷ ৰাজহুৱা সভাত অংশগ্ৰহণকাৰীসকলৰ বাবে মাস্ক, চেনিটাইজাৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷

উল্লেখ্য যে, মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম (এমবিবি) বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন মুকলি কৰিব ৷ তদুপৰি ত্ৰিপুৰাৰ দুটাকৈ অত্যাধুনিক প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আৰম্ভ কৰিব ৷ তদুপৰি মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছন ১০০ আৰম্ভ কৰিব মোডীয়ে ৷

লগতে পঢ়ক :সমুখত নিৰ্বাচন; মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চল

ABOUT THE AUTHOR

...view details