নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বাবৰি মছজিদ ধ্বংসৰ বাৰ্ষিকীৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । প্ৰশাসনৰ সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ অতিক্ৰম কৰিলে । সেয়ে ইয়াৰ বাৰ্ষিকী উদযাপন ঘটনাটোক স্মৰণ অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত অযোধ্যা আৰক্ষীয়ে কয় যে তেওঁলোকে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ চহৰখনত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।
১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ ফলত দেশৰ কেইবাটাও স্থানত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । ইয়াৰে পৰিপ্ৰেক্ষিতত চহৰখনলৈ অহা-যোৱা কৰা লোকসকলক চিচিটিভি কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ পৰিচয়-পত্ৰও পৰীক্ষা কৰা বুলি আৰক্ষীয়ে জনায় ।
তদুপৰি, আৰক্ষীয়ে অযোধ্যাৰ বিভিন্ন অঞ্চলত যান-বাহনৰ পৰীক্ষাও তীব্ৰতৰ কৰি তুলিছে । ইফালে অযোধ্যাৰ এছএছপি ৰাজকৰণ নায়াৰে ৰাইজক উৰাবাতৰি বিয়পোৱা আৰু ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।
"অযোধ্যা জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষী প্ৰশাসন সষ্টম আৰু তেওঁলোকক বিভিন্ন খণ্ডৰ বাবে বিভিন্ন দলত বিভক্ত কৰা হৈছে । ওচৰৰ জিলাৰ আৰক্ষী বাহিনীকো মাতি অনা হৈছে । উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰাদেশিক সশস্ত্ৰ কন্সটেবলৰীও (পিএচি) ইয়াত আছে । অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ এক বিশাল আৰক্ষী বেষ্টনী সৃষ্টি কৰা হৈছে ।" তেওঁ কয় ।
"আমাৰ তথ্য ব্যৱস্থা আৰু সামাজিক মাধ্যমৰ দলে এনে প্লেটফৰ্মৰ জৰিয়তে শ্বেয়াৰ কৰা যিকোনো তথ্যৰ ওপৰত সক্ৰিয় আৰু সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে । কোনেও উৰাবাতৰি বিয়পাবলৈ বা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব নালাগে । সামগ্ৰিকভাৱে প্ৰয়োজনীয়তা অনুসৰি আৰক্ষী মোতায়েন কৰা হৈছে । গুৰুত্বপূৰ্ণ স্থানবোৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে ।" এছএছপিয়ে লগতে কয় ।
উল্লেখ্য যে ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত 'কৰ সেৱক'ৰ এটা বৃহৎ দলে বাবৰি মছজিদ ভাঙি পেলাইছিল । তাৰ পিছত সংঘটিত এলানি ঘটনাত অযোধ্যাৰ বহু সংখ্যক মুছলমান বাসিন্দাৰ ওপৰত আক্ৰমণ, ঘৰ জ্বলাই দিয়া আৰু সম্পত্তি ধ্বংস কৰা হয় । দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয় । ইয়াৰ ফলত হাজাৰৰো অধিক লোক নিহত হয় ।
লগতে পঢ়ক :প্ৰতিশোধ পৰায়ণ হৈছে পান্নুন; শীতকালীন অধিবেশনৰ মাজতে সংসদ আক্ৰমণৰ ভাবুকি