নেশ্যনেল ডেস্ক,১১ অক্টোবৰ :অহা ১২ অক্টোবৰত ত্ৰিপুৰালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu to visit Tripura)। যাক লৈ ৰাজ্যখনত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে প্ৰশাসনে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে (Security arrangements before presidents arrival)।
বিশেষকৈ আগৰতলা চহৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । বিয়লি এক সংবাদমেলত পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক শংকৰ দেবনাথে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী আগৰতলাৰ এমবিবি বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত ত্ৰিপুৰা আৰক্ষীৰ হৈ ৰাষ্ট্ৰপতিক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হ'ব ।
আৰক্ষী অধীক্ষকগৰাকীৰ মতে, দুদিনীয়া ভ্ৰমণকালত আগৰতলা চহৰৰ লগতে ৰাজ্যজুৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ত্ৰিপুৰা আৰক্ষী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানকে ধৰি পৰ্যাপ্ত সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, ৰাষ্ট্ৰপতিগৰাকীয়ে পথেৰে যাত্ৰা কৰাৰ সময়ত ৰাস্তাৰ দুয়োফালে জোৱানসকলক নিয়োজিত কৰা হ'ব । ইফালে আগৰতলা চহৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত অৱস্থিত হোৱাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীকো সতৰ্ক কৰি দিয়া হৈছে । আৰক্ষী অধীক্ষকৰ সৈতে সংবাদমেলত পশ্চিম জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধনো উপস্থিত থাকে ।