অসম

assam

ETV Bharat / bharat

Murder in Udaipur : ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা - মালদাস ষ্ট্ৰীট চহৰৰ মাজ মজিয়াত সংঘটিত হত্যাকাণ্ড

উদয়পুৰ চহৰত দিন দুপৰতে এজন যুৱকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । তাৰ পাচত উদয়পুৰত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতি ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ (Section 144 imposed in Rajasthan)দিয়াৰ লগতে 30 দিনৰ বাবে সমগ্ৰ জিলাখনতে জাৰি কৰা হৈছে 144 ধাৰা ৷

ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা
ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

By

Published : Jun 28, 2022, 10:48 PM IST

নেশ্যনেল ডেস্ক, 28 জুন :ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দিন-দুপৰতে হত্যা কৰা হ’ল এজন যুৱকক (Youth Murdered in Udaipur City) ৷ উক্ত ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতি ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়ে (Section 144 imposed in Rajasthan) । আনকি সমগ্ৰ জিলাখনতে 30 দিনৰ বাবে 144 ধাৰা আৰোপ কৰিবলৈ প্ৰশাসনক নিৰ্দেশক প্ৰদান কৰে ৰাজস্থান চৰকাৰে ৷

মুখ্য সচিব ঊষা শৰ্মাই জাৰি কৰা এক নিৰ্দেশ অনুসৰি, সমগ্ৰ ৰাজ্যতে 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ থাকিব । লগতে পৰৱৰ্তী 30 দিনৰ বাবে সমগ্ৰ ৰাজ্যজুৰি জাৰি কৰা হৈছে 144 ধাৰা ৷ আনকি পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে আৰক্ষী বিষয়াসকলৰ ছুটী বাতিল কৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰা হৈছে ।

ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

লগতে যিকোনো ধৰণৰ আপত্তিজনক ভিডিঅ' সম্প্ৰচাৰ কৰিলে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উক্ত নিৰ্দেশনাটোত উল্লেখ কৰে মুখ্য সচিব ঊষা শৰ্মাই । তথ্য অনুসৰি, উদয়পুৰৰ উক্ত ঘটনাৰ গোচৰত ইতিমধ্যে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰে যে, উদয়পুৰৰ ঘটনাৰ তদন্ত বিষয়া আঁচনিৰ অধীনত কৰা হ'ব ।

ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

উল্লেখ্য যে, মালদাস ষ্ট্ৰীট চহৰৰ মাজ-মজিয়াত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত বিজেপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল ৷ হত্যাৰ পাচতে সেই স্থানত যথেষ্ট সংখ্যক ব্যৱসায়ী উপস্থিত হয় আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয় (Anger Among Udaipur Businessmen) ৷

বৰ্তমান অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত থকা লোকসকলক সৈমান কৰিবলৈ চেষ্টা কৰি আছে ৷ কিন্তু ক্ষুব্ধ লোকসকলে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

যাৰ বাবে ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ জিলাখনতে 30 দিনৰ বাবে 144 ধাৰা আৰোপ কৰিবলৈ প্ৰশাসনক নিৰ্দেশক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক :কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

ABOUT THE AUTHOR

...view details