অসম

assam

ETV Bharat / bharat

Atiq Ahmed killing latest updates: উত্তৰ প্ৰদেশত ধাৰা 144 ধাৰা জাৰি, প্ৰয়াগৰাজত ইণ্টাৰনেট কৰ্তন

উত্তৰ প্ৰদেশত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আততায়ীয়ে অন কেমেৰা গুলীয়াই হত্যা কৰাৰ পিচতেই জিলাখনত 144 ধাৰা জাৰি কৰাৰ (Section 144 across UP) লগতে প্ৰয়াগৰাজ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে (Internet shut in Prayagraj) ৷

By

Published : Apr 16, 2023, 5:35 PM IST

shooters who killed Atiq Ahmed
উত্তৰ প্ৰদেশত ধাৰা 144 ধাৰা জাৰি

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল:শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আততায়ীয়ে অন কেমেৰা গুলীয়াই হত্যা কৰে (Atiq Ahmed murder case) । উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত গেংষ্টাৰ ভাতৃদ্বয়ক চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়তে সাংবাদিকৰ ভেশ ধৰি চকুৰ পচাৰতে আতিকৰ মূৰত পিছফালৰ পৰা এজন লোকে শূন্য দূৰত্বৰ পৰা গুলী চালনা কৰে ৷ একে সময়তে আশ্ৰফকো গুলীয়াই হত্যা কৰে (Atiq Ahmed death news)।

ইয়াৰ পিচতে ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৈছে ৷ আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে টহল দিয়াৰ লগতে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে (Atiq Ahmed killing latest updates)। সংবাদমাধ্যম আৰু আৰক্ষীৰ উপস্থিতিত সংঘটিত হোৱা হত্যাকাণ্ডৰ পিচত ৰাজনৈতিক লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই ঘটনাক ভাৰতীয় ইতিহাসৰ আটাইতকৈ শিহৰণকাৰী অন-কেমেৰা শ্বুট আউট হিচাপে অভিহিত কৰা হৈছে ৷

সম্প্ৰতি উত্তৰ প্ৰদেশৰ সকলো জিলাতে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা 144 ধাৰা জাৰি কৰা হৈছে (Section 144 across UP)। নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে প্ৰয়াগৰাজ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে (internet shut in Prayagraj) ৷ এই ঘটনা সংঘটিত কৰা তিনিজন আক্ৰমণকাৰীৰ বিৰুদ্ধে আইপিচি, অস্ত্ৰ আইন আৰু ফৌজদাৰী আইন সংশোধনী আইনৰ ধাৰা ৩০২ (হত্যা), ৩০৭ (হত্যাৰ চেষ্টা)ৰ অধীনত (Atiq Ahmed killers arrested ) গোচৰ ৰুজু কৰা হৈছে ৷ এই তিনি হত্যাকাৰী হৈছে লাভলেশ তিৱাৰী (বান্দাৰ বাসিন্দা), মোহিত ওৰফে ছানি (হামিৰপুৰ) আৰু অৰুণ মৌৰ্য (কাচগঞ্জ) ৷

তিনিওজনে প্ৰকাশ কৰা অনুসৰি হত্যাকাৰীকেইটাই জনপ্ৰিয় হ'বলৈ আতিক আৰু তেওঁৰ ভাতৃক হত্যা কৰিব বিচাৰিছিল । সেয়েহে তেওঁলোকে হত্যা কৰা হৈছিল ৷ ভাতৃদ্বয় আৰক্ষীৰ জিম্মাত থকাৰ পৰা হত্যাকাৰীকেইটাই পৰিকল্পনা কৰিছিল ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (UP CM Yogi Adityanath) এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা দিছে । মুখ্যমন্ত্ৰীয়ে আতি আহমেদ আৰু আশ্ৰাফৰ হত্যাৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠন কৰিছে বুলি আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় ।

আনহাতে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশত আইন-শৃংখলাৰ পতন বুলি অভিহিত কৰি টুইটযোগে উল্লেখ কৰে, "উত্তৰ প্ৰদেশত আইন-শৃংখলাৰ নিৰ্লজ্জ অৰাজকতা আৰু সম্পূৰ্ণ পতনৰ বাবে মই হতবাক হৈছো । এইটো লজ্জাজনক যে, অপৰাধীয়ে এতিয়া আইন নিজৰ হাতত তুলি লৈছে, আৰক্ষী আৰু সংবাদ মাধ্যমৰ উপস্থিতিৰ দ্বাৰা বিচলিত নহয় ৷"

এ আই এম আই এমৰ সভাপতি আছাউদ্দিন ওৱেছিয়ে (AIMIM president Asaduddin Owaisi) এই হত্যাকাণ্ডৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগ দাবী কৰাৰ লগতে বিষয়টোৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ বাবে আহ্বান জনাইছে । বিজেপিয়ে উত্তৰ প্ৰদেশত "বন্দুকৰ দ্বাৰা শাসন" কৰি চৰকাৰ চলাই আছিল, আইনৰ শাসনৰ দ্বাৰা নহয় বুলি উল্লেখ কৰে ৷

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, অপৰাধীসকলে যাতে কঠোৰতম শাস্তি পায় সেয়া নিশ্চিত কৰিবলৈ আদালত আছে, কিন্তু আইন-শৃংখলাৰ সৈতে খেলিলে কেৱল অৰাজকতাৰ জন্ম হয় । দেশৰ সংবিধান সেইসকল লোকে প্ৰস্তুত কৰিছে যিসকলে স্বাধীনতাৰ বাবে যুঁজ দিছিল আৰু এই সংবিধান আৰু আইন সৰ্বাধিক । কাকো ইয়াৰ সৈতে খেলিমেলি কৰিবলৈ অনুমতি দিব নোৱাৰি ।

ন্যায়পালিকাৰ হাতত অপৰাধীৰ বিৰুদ্ধে শাস্তিৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে । আইন উলংঘা কৰা কোনো চৰকাৰ, নেতা বা ব্যক্তিক এই অধিকাৰ দিব নোৱাৰি ৷ যিসকলে বন্দুক আৰু জনতাৰ আইনৰ পোষকতা কৰে তেওঁলোকে কেৱল সংবিধান ধ্বংস কৰে । যিজনে সমাজৰ কাৰোবাক ভয় খুৱাবলৈ আৰু ভাবুকি দিয়াৰ বাবে ৰাজনৈতিক উদ্দেশ্যৰ বাবে আমাৰ ন্যায় ব্যৱস্থাত হস্তক্ষেপ কৰে, সেই ব্যক্তিজন অপৰাধীৰ সৈতে শাস্তিৰ বাবেও দায়বদ্ধ ।

লগতে পঢ়ক:Atiq Ahmed Murder Case: জনপ্ৰিয়তা আৰ্জিবলৈ আতিক-আশ্ৰফক হত্যা কৰিব বিচাৰিছিলোঁ; হত্যাকাৰী

ABOUT THE AUTHOR

...view details