অসম

assam

ETV Bharat / bharat

Terrorist killed in JK: সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী; শ্বহীদ এজন জোৱান; দুই সন্ত্ৰাসবাদী নিধন - encounter in JKs Rajouri

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 2 সন্ত্ৰাসবাদী ৷ সেনাবাহিনীৰ এজন জোৱান আৰু নিৰাপত্তাৰক্ষীৰ এটি ছয় বছৰীয়া লেব্ৰাড’ৰ কুকুৰৰ মৃত্যু ৷

Second terrorist killed during encounter in JKs Rajouri
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 1:58 PM IST

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ:ৰাজৌৰী জিলাৰ নৰলা অঞ্চলত বুধবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড গুলীয়াগুলিৰ ৷ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দ্বিতীয়জন সন্ত্ৰাসবাদী নিহত হোৱাৰ ফলত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন দুৰ্গম গাঁৱত চলি থকা তিনিদিনীয়া তালাচী অভিযানত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

মঙলবাৰে দুৰ্গম নৰলা গাঁৱত সংঘটিত হোৱা এনকাউণ্টাৰত এজন সন্দেহযুক্ত পাকিস্তানী সন্ত্ৰাসবাদী নিহত হয় ৷ গুলীয়াগুলিৰ ফলত সেনাবাহিনীৰ এজন জোৱান আৰু সেনাবাহিনীৰ ডগ ইউনিটৰ এটা ছবছৰীয়া লেব্ৰাড’ৰৰ কেণ্টৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন নিৰাপত্তাৰক্ষী আহত হয় ।

এডিজিপি মুকেশ সিঙে কয় যে নিশাৰ পিছত বুধবাৰৰ পুৱা পুনৰ আৰম্ভ হৈছে গুলীচালনাৰ ঘটনা । তেওঁ কয় যে মংগলবাৰে নাৰ্লা অঞ্চলত এনকাউণ্টাৰৰ ফলত এজন সন্ত্ৰাসবাদী আৰু এজন জোৱান শ্বহীদ হয় যদিও নিশাটোৰ বাবে অভিযান স্থগিত ৰখা হয় ।

সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীৰ ফলত জম্মু-কাশ্মীৰৰ ৰাজৌৰীত শ্বহীদ হয় ৰাইফলমেন ৰবি কুমাৰ ৷ ৰাজৌৰীত চলা এনকাউণ্টাৰৰ সময়ত জাতিৰ বাবে সৰ্বোচ্চ বলিদান দিয়া ৰাইফলমেন ৰবি কুমাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক মাল্যাৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয় । সতীৰ্থসকলে ৰাইফলমেন ৰবি কুমাৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

বুধবাৰৰ পুৱা পুনৰ গুলীচালনা আৰম্ভ হোৱাৰ লগে লগে আৰু নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় আন এজন সন্ত্ৰাসবাদী ৷ বৰ্তমানেও জম্মু-কাশ্মীৰৰ উক্ত এলেকাত নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় শাসিত এলেকাটোত ধাৰাবাহিকভাৱে নিৰাপত্তাৰক্ষীয়ে চলাইছে সন্ত্ৰাসবাদবিৰোধী অভিযান ৷

লগতে পঢ়ক:Nagaland against UCC: UCC ৰ আওতাৰ পৰা নাগালেণ্ডক ৰেহাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ৰিঅ’ৰ

ABOUT THE AUTHOR

...view details