নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ । ইতিমধ্যে ভাৰতে কৰ'ণা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়াইছে যদিও এতিয়াও মাৰ যোৱা নাই কৰ'ণাৰ আতংক । ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহে বান্ধি দিছে ক'ভিড প্ৰটকল । গোৱা চৰকাৰেও বান্ধি দিছে ক'ভিড প্ৰটকল ।
আজি হোলী । চৌদিশে আবিৰৰ ৰঙেৰে ৰঙীন পৰিৱেশৰ সময়তে সব-ই-বৰাট, ইষ্টাৰ আৰু ঈদ উদযাপনৰ বাবে ১৪৪ ধাৰা আইন জাৰি কৰিছে । গোৱাত COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ মাজতে শনিবাৰে উত্তৰ গোৱাৰ জিলা দণ্ডাধীশ অজিত ৰয়ে গোৱাৰ বাসিন্দাসকলক বৃহৎ সমাৱেশৰ আয়োজন নকৰিবলৈ পৰামৰ্শ দিয়ে । জন সমাগমে মহামাৰীৰ সংক্ৰমণৰ আশংকা বৃ্দ্ধি কৰিব বুলি দণ্ডাধীশ অজিত ৰয়ে এইদৰে কয় । যদিহে কোনো ব্যক্তিয়ে এই আইন উলংঘা কৰে তেন্তে সেই ব্যক্তিক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ ৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব বুলি কয় । ৰাজ্যিক স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ১৭০ টা সক্ৰিয় ঘটনাৰে গোৱাত বৰ্তমান ১,৩৭৯ টা সক্ৰিয় ঘটনা আছে । ৰাজ্যখনত এতিয়ালৈ ৮২৪ জনৰ মৃত্যু হৈছে ।