অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত সান্ধ্য আইন জাৰী - ভূমি বিবাদ সন্দৰ্ভত গোচৰ

জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত যথেষ্ট উত্তেজনামূলক পৰিস্থিতৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰে চহৰখনত ১৪৪ চি আৰ পি চি ধাৰাৰ অধীনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে (Sec 144 in Rajouri town of Jammu and Kashmir) ৷

J&K Sec 144 in Rajouri town of Jammu and Kashmir due to tensions between two groups
জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত জাৰি কৰা হৈছে ১৪৪ চিআৰপিচি ধাৰা

By

Published : Sep 9, 2022, 4:12 PM IST

নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ:জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত এটুকুৰা মাটিক লৈ দুটা সম্প্ৰদায়ৰ মাজত যথেষ্ট উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে (Tensions between two groups over a piece of land) ৷ এই হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শুকুৰবাৰে চহৰখনত ১৪৪ চি আৰ পি চি ধাৰাৰ অধীনত "ৰাজহুৱা শান্তি আৰু প্ৰশান্তি" বজাই ৰাখিবলৈ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে (Sec 144 in Rajouri town of Jammu and Kashmir) ৷

লগতে চহৰখনৰ পৰিস্থিতি বিষম দেখি প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলটোৰ সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাৱা হৈছে ৷ ইয়াৰ লগতে অঞ্চলটোৰ সকলো দোকানসমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, চহৰখনৰ আইন-শৃংখলাত যাতে কোনো ধৰণৰ বিভ্ৰান্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ ইতিমধ্যে এই ভূমি বিবাদ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে ৷ আদালত এই গোচৰৰ শুনানি নোহোৱালৈকে বিষয়টো 'Spurdnama' (জিম্মা)ৰ অধীনত ৰখা হৈছে ৷

লগতে পঢ়ক:15 ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হ'ব পাৰে CUET-UG ৰ ফলাফল

ABOUT THE AUTHOR

...view details