অসম

assam

ETV Bharat / bharat

Mnipur Violence: SDPO চিংথাম আনন্দক গুলীয়াই হত্যা সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ - কুকি উগ্ৰপন্থী

মণিপুৰৰ টেংনুপাল জিলাৰ মোৰেত SDPO চিংথাম আনন্দক গুলীয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে ৷

SDPO Chingtham Anand shot dead
SDPO চিংথাম আনন্দক গুলীয়াই হত্যা সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 1:28 PM IST

Updated : Oct 31, 2023, 1:57 PM IST

তেজপুৰ, 31 অক্টোবৰ:অশান্তজৰ্জৰ মণিপুৰত পুনৰ অঘটন ৷ মঙলবাৰে মণিপুৰৰ টেংনুপাল জিলাৰ মোৰেত SDPO চিংথাম আনন্দক গুলীয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, কুকি-জো সম্প্ৰদায়ৰ লোকৰ আধিপত্য চলা সীমান্ত চহৰৰ পূব খেলপথাৰত নতুনকৈ নিৰ্মাণ কৰা হেলিপেড পৰিদৰ্শন কৰি থকা সময়তে উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰে ৷ এই গুলীয়াগুলীৰ ঘটনাত মোৰেহ এছডিপিঅ' চিংথাম আনন্দ গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হয় ৷

লগে লগে SDPO গৰাকীক মোৰেহৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ যদিও চিকিৎসাধীন অৱস্থালৈ আনন্দে মৃত্যুবৰণ কৰিছিল ৷ এই ঘটনাৰ পিচতে কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে ৷

মণিপুৰ আৰক্ষীয়ে বিগত কেইদিনমানৰ পূৰ্বে মেইটি সকলে বাস কৰা পৰিত্যক্ত বাসগৃহৰ পৰা আচবাব আৰু অন্যান্য ঘৰুৱা সামগ্ৰী চুৰি কৰাৰ অভিযোগত আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত 10 জনতকৈও অধিক ম্যানমাৰৰ লোকক গ্ৰেপ্তাৰ কৰিছিল ৷

তাৰ পিচতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে কিছু নিৰ্দিষ্ট সংগঠনে মোৰেহ চহৰত ৰাজ্যৰ আৰক্ষী আৰু কামাণ্ডো মোতায়েনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিচতেই এই চুৰিৰ ঘটনা সংঘটিত কৰিছিল ৷

এই ঘটনাৰ পিচতে টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছিল যে, এজন স্নাইপাৰে SDPO আনন্দৰ ওপৰত গুলীচালনা কৰিছিল, তেওঁ পেটত গুলীবিদ্ধ হৈছিল ৷ তেওঁৰ পেটেৰে হৈ পিঠিৰ মাজেৰে গুলীটো পাৰ হৈ গৈছিল ৷ দুৰ্ভাগ্যৱশতঃ আনন্দে মোৰে স্বাস্থ্য কেন্দ্ৰত মৃত্যুবৰণ কৰে ৷

সম্প্ৰতি মণিপুৰ আৰক্ষীৰ দলে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Jammu Kashmir: পুলৱামাত উত্তৰ প্ৰদেশৰ শ্ৰমিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

Last Updated : Oct 31, 2023, 1:57 PM IST

ABOUT THE AUTHOR

...view details