নিউজ ডেস্ক, ২২ নৱেম্বৰ : গুজৰাটৰ ৰাজকোটত চৰকাৰী চাকৰিৰ এক ভয়ানক প্ৰৱঞ্চক চক্ৰৰ কথা পোহৰলৈ আহিছে । কলানা গাঁৱৰ নৱনীত কান্তিভাই ৰমণী আৰু ধোৰাজীৰ নিকুঞ্জ নামৰ দুগৰাকী যুৱকে শিক্ষিত নিবনুৱাসকলক কেৰাণী পদত নিযুক্তিৰ প্ৰলোভনেৰে ভুৱা কলিং লেটাৰ দি কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে । তেওঁলোকৰ পৰা নগদ ১০ লাখ টকা উদ্ধাৰ কৰা হৈছে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এটা গোচৰ পঞ্জীয়ন কৰে । উল্লেখ্য যে, ৰাজ্যখনত অনা-সচিবালয় কেৰাণী পদত নিযুক্তিৰ বিজ্ঞাপন ২০২৮ চনত প্ৰকাশ কৰা হৈছিল । আনহাতে, ২০১৯ চনত এই পৰীক্ষা বাতিল হোৱাৰ পিছত ২০২২ চনত পুনৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।
এই পৰীক্ষাত উত্তীৰ্ণ কৰোৱা আৰু চাকৰিৰ নিযুক্তি-পত্ৰ প্ৰদানৰ প্ৰলোভন দিয়া হৈছিল । গুজৰাট মাধ্যমিক সেৱা বাছনি বোৰ্ড, স্বাস্থ্য সঞ্চালক আৰু পৰিয়াল কল্যাণ বিভাগৰ মুৰব্বীৰ ভুৱা স্বাক্ষৰেৰে চাকৰিৰ নিযুক্তি-পত্ৰও প্ৰস্তুত কৰি বিতৰণ কৰা হৈছিল । এই অভিযোগত ধৃত অভিযুক্তই ধোৰাজী, ক্ৰিটিয়ানা আৰু পোৰবন্দৰ পান্থিকৰ দুই শতাধিক যুৱকক চাকৰিৰ নামত প্ৰলোভিত কৰিছিল । আনহাতে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ১০ লাখ টকাকৈ সংগ্ৰহ কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।