অসম

assam

ETV Bharat / bharat

দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে - কৃষি আইন, 2020

দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ এই আবেদন দাখিল কৰিছিল আইনৰ ছাত্ৰ ঋষভ শৰ্মাই ৷

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়

By

Published : Dec 14, 2020, 12:45 PM IST

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ :দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক সেই স্থানসমূহৰ পৰা আঁতৰাই পঠাবৰ বাবে দাখিল কৰা এক আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে, তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে যোৱা 19 দিন ধৰি দেশৰ বিভিন্ন স্থানৰ লগতে দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত অধিবক্তা এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমনিয়ামে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ এই আবেদন দাখিল কৰিছিল আইনৰ ছাত্ৰ ঋষভ শৰ্মাই ৷ আবেদনত ঋষভে উল্লেখ কৰিছিল যে, পথ অৱৰোধ কৰি ৰখাৰ ফলত যাতায়তত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক

ABOUT THE AUTHOR

...view details