নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী: উচ্চতম ন্য়ায়ালয়ে ৰায়দান কৰিছে যে, সমাজত, কৰ্মস্থানত জীৱন সংগীৰ সন্মান হানি কৰা, মানসিক অশান্তি দিয়া আদি কাৰ্য বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে গণ্য কৰা হ'ব । ন্যায়াধীশ সঞ্জয় কিষণ কৌলে অধ্যক্ষতা কৰা বিচাৰপীঠে কয় যে, জীৱন সংগীৰ সন্মানত আঘাত হানি মানসিকভাৱে অশান্তি দিয়াৰ পিছত ভুক্তভোগী সংগীগৰাকীয়ে আনগৰাকী সংগীৰ সৈতে পুনৰ একেলগে জীৱন কটোৱাৰ কথা আশা কৰিব নোৱাৰি ।
এগৰাকী সেনা বিষয়াই তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কিষণ কৌল, ঋষিকেশ ৰয় আৰু দীনেশ মহেশ্বৰীৰ তিনিজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিয়ে । সেনা বিষয়াগৰাকীয়ে বিবাহ বিচ্ছেদৰ কাৰণ দৰ্শোৱা মতে, তেওঁৰ পত্নীয়ে উচ্চ পদস্থ বিষয়াক তেওঁৰ বিৰুদ্ধে অভিযোগ দিছিল । ইয়াৰ পিছতে সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছিল ।