নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ অধীনত অব্যাহত ৰখা নিৰ্মাণ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । সৰ্বোচ্চ ন্যায়ালয়ে কয় যে, 'আমি ভাৱিছিলো যে আদালতৰ কামৰ বিষয়ে অভ্যস্ত তথা বিবেকেৰে কাৰ্য সম্পাদন কৰা ব্যক্তিৰ সৈতে আমি কাম কৰি আছো আৰু পাৰ্থক্য পৰিলক্ষিত হ'ব ।' ইয়াৰ পিছতে ছলিচিটেটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়ালয়ত ক্ষমা বিচাৰে আৰু চৰকাৰৰ নিৰ্দেশমৰ্মে তেওঁ নিৰ্মাণ কাৰ্য স্থগিত কৰা আৰু গছ কটা বন্ধ হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে, অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আধাৰশিলা স্থাপন অনুষ্ঠানটি একো সালসলনি নকৰাকৈ অনুষ্ঠিত কৰিব পাৰিব । ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ন্যায়াধীশ দীনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ তিনিজনীয়া বিচাৰপীঠে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টক প্ৰত্যাহ্বান জনাৱো আবেদনৰ শুনানিত এই ঘোষণা কৰে । আদালতে কেইখনমান আবেদনৰ শুনানি গ্ৰহণ কৰিছে যদিও এতিয়াও বহু আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ বাকী আছে ।