নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ: কেৰালা উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰোধিতা কৰি জনোৱা এখন আবেদনৰ শুনানিৰ ৰায়দান মঙলবাৰে উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে । স্বীকৃতিপ্ৰাপ্ত AYUSH চিকিৎসকক COVID-১৯ৰ চিকিৎসাৰ বাবে বিজ্ঞাপন দিয়া ঔষধ দিয়াৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল কেৰালা উচ্চ ন্যায়ালয়ে । ন্যায়াধীশ অশোক ভূষণ, সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ তিনিজনীয়া বিচাৰপীঠে প্ৰথম শুনানিত কৈছিল যে, এনে ধৰণৰ আদেশ জাৰি কৰি উচ্চ ন্যায়ালয়ে কোনো ভুল কৰা নাই ।
COVID-১৯ চিকিৎসা : আয়ুৰ্বেদিক, হোমিঅ'পেথিক ঔষধ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি - তিনিজনীয়া বিচাৰপীঠে
মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক শুনানিত কয় যে, স্বীকৃতিপ্ৰাপ্ত AYUSH চিকিৎসক আৰু হোমিঅ'পেথিক চিকিৎসকে চৰকাৰৰ অনুমতি সাপেক্ষে COVID-১৯ মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ ৰোগী প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰা ঔষধ হিচাপেহে টেবলেট আৰু আন ঔষধ সেৱন কৰিবলৈ ৰোগীক পৰামৰ্শ দিব পাৰিব ।
![COVID-১৯ চিকিৎসা : আয়ুৰ্বেদিক, হোমিঅ'পেথিক ঔষধ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি COVID-১৯ৰ চিকিত্সাঃ আয়ুৰ্বেদিক, হোমিঅ'পেথিক ঔষধ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9734998-257-9734998-1606889011401.jpg)
COVID-১৯ৰ চিকিত্সাঃ আয়ুৰ্বেদিক, হোমিঅ'পেথিক ঔষধ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি
কেন্দ্ৰৰ তৰফৰ পৰা ছ'লিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়ালয়ত যুক্তি দিয়ে যে, আয়ুৰ্বেদিক ঔষধসমূহ ৰোগী প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰা ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি, কিন্তু COVID-১৯ নিৰ্মূল কৰাৰ বাবে নহয় । মঙলবাৰেও কেন্দ্ৰই একে যুক্তি দৰ্শায় । আদালতে ছ'লিচিটৰ জেনেৰেলে আগবঢ়োৱা যুক্তিত গুৰুত্ব আৰোপ কৰে যদিও ৰায়দান স্থগিত ৰাখে ।