অসম

assam

ETV Bharat / bharat

Supreme court of India : ত্ৰিপুৰা চৰকাৰৰ বিশেষ আবেদন নাকচ ছুপ্ৰিম কোৰ্টৰ - Tripura High Court

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ (Tripura High Court) খণ্ড বিচাৰপীঠৰ ৰায় বাহাল ৰাখি শীৰ্ষ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভুক্তভোগীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে । তেওঁ আৰু কয় যে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত সোণামুৰা আৰক্ষী থানাত জামাল হুছেইন (৩২) নামৰ এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰিছিল ।

SC
SC

By

Published : Oct 27, 2022, 5:33 PM IST

আগৰতলা, ২৭ অক্টোবৰ : ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court of India) শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে (Tripura Government) এজন বন্দীৰ জিম্মাত মৃত্যুৰ ওপৰত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন Special Leave Petition খাৰিজ কৰিছে(SC rejects SLP of Tripura government ) । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জ্যেষ্ঠ অধিবক্তা পুৰুষোত্তম ৰয় বৰ্মনে কয় যে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ ২১ অক্টোবৰত গৃহিত হৈছিল (Custodial death of prisoner in Tripura) ।

তেওঁ কয় যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ (Tripura High Court) খণ্ড বিচাৰপীঠৰ ৰায় বাহাল ৰাখি শীৰ্ষ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভুক্তভোগীৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে । তেওঁ আৰু কয় যে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত সোণামুৰা আৰক্ষী থানাত জামাল হুছেইন (৩২) নামৰ এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰিছিল ।

"মৃতকৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰিছে যে জামালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল । এই আঘাত তেওঁ আৰক্ষীৰ লক আপত অত্যাচাৰৰ বাবে পাইছিল । অৱশ্যে আৰক্ষীয়ে অভিযোগসমূহ নাকচ কৰে আৰু ত্ৰিপুৰা উচ্চ ন্যায়ালয়ক জনায় যে হুছেইনৰ হৃদৰোগত মৃত্যু হৈছিল" অধিবক্তাজনে কয় ।

অৱশ্যে মুখ্য ন্যায়াধীশ ইন্দ্ৰজিৎ মেহন্থি আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ খণ্ড বিচাৰপীঠে ২০২২ চনৰ ১২ জুনত দিয়া ৰায়ত কয় যে জামাল হুছেইনৰ মৃত্যু নিৰ্যাতনৰ ফলস্বৰূপে হৈছিল আৰু ৰাজ্য চৰকাৰে তেওঁৰ মৃত্যুৰ দায়িত্ব এৰাই চলিব নোৱাৰে ।

"উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মৃতকৰ পৰিয়ালক ১০,০০০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে । কিন্তু ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল কৰিছে । অৱশেষত উচ্চতম ন্যায়ালয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ আদেশ বাহাল ৰাখিছে " তেওঁ লগতে কয় ।

লগতে পঢ়ক :Tripura Gangrape : দলবদ্ধ ধৰ্ষণৰ্ষ কাণ্ডত ত্ৰিপুৰাত ৬ অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details