অসম

assam

ETV Bharat / bharat

দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা সকলো আবেদন নাকচ - UGC

দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা সকলো আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ তদুপৰি বিগত বছৰবোৰত আভ্যন্তৰীণ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক মূল্যাংকন কৰিবলৈ ICSE আৰু CBSE দ্বাৰা আহৰণ কৰা প্ৰণালীৰ ওপৰত বিশ্বাস নিশ্চিত কৰে ন্যায়ালয়ে ।

SC rejects all objections to CBSE & ICSE formula for evaluating Class 12 exams
দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক প্ৰত্যাহ্বান জনোৱা সকলো আবেদন নাকচ

By

Published : Jun 22, 2021, 10:44 PM IST

নেচনেল ডেস্ক, 22 জুন:উচ্চতম ন্যায়ালয়ে (Supreme Court) মঙলবাৰে দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক প্ৰত্যাহ্বান জনোৱা সকলো আবেদন খাৰিজ কৰে ৷ বিগত বছৰবোৰত আভ্যন্তৰীণ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক মূল্যাংকন কৰিবলৈ ICSE আৰু CBSE দ্বাৰা আহৰণ কৰা প্ৰণালীৰ ওপৰত বিশ্বাস নিশ্চিত কৰে উচ্চতম ন্যায়ালয়ে ৷

উচ্চতম ন্যায়ালয়ে কয় যে, দুয়োখন ব’ৰ্ডৰ সিদ্ধান্তত ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ কোনো কাৰণ বিচাৰি নাপালে, কিয়নো শিক্ষাৰ্থীসকলেও ইয়াক সমৰ্থন কৰি আছে । ন্যায়াধীশ এ এম খানউইলকাৰ(Justice AM Khanwilkar) আৰু ন্যায়াধীশ দিনেশ মহেশ্বৰীক লৈ গঠিত বিচাৰপীঠে ব’ৰ্ডৰ দ্বাৰা আহৰণ কৰা সূত্ৰৰ বিৰুদ্ধে কিছুমান পক্ষই কৰা সকলো আপত্তি নাকচ কৰে ৷ লগতে উক্ত বিচাৰপীঠে কয় যে, সকলো দিশ ১৩ জনীয়া বিশেষজ্ঞ সমিতিয়ে নিৰীক্ষণ কৰি আছে ।

আদালতে কয় যে, কেৱল চিএলএটি, এনডিএৰ দৰে অন্যান্য পৰীক্ষা অনুষ্ঠিত হোৱাৰ বাবে, ইয়াৰ অৰ্থ এইটো নহয় যে চিবিএছইয়েও পৰীক্ষাৰ অনুষ্ঠিত কৰিবলৈ যো-জা চলাব । "প্ৰতিটো পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা বেলেগ, লজিষ্টিক পৃথক, পৰিচালনা পৰিষদ পৃথক আৰু তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ব নে নহয় সেয়া সংস্থাটোৱে সিদ্ধান্ত ল'ব । CBSE আৰু ICSE স্বায়ত্তশাসিত সংস্থাই সিদ্ধান্ত ল'ব পাৰে," ন্যায়াধীশ খানউইলকাৰে এনেদৰে কয় ।

আদালতক এজি কে কে বেণুগোপালে আশ্বাস দিছিল যে, ইউজিচিয়ে ইয়াৰ যত্ন লৈছে আৰু ব’ৰ্ডে তেওঁলোকৰ ফলাফল ঘোষণা নকৰালৈকে নামভৰ্তি আৰম্ভ নহ'ব । ৰাজ্যিক পৰিষদসম্পৰ্কীয় বিষয়টো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে আৰু বৃহস্পতিবাৰে শুনানি হ'ব ।

একেদিনাই ফলাফল ঘোষণা বিচৰা প্ৰাৰ্থনাৰ বাবে আদালতক এজি কে কে বেণুগোপালে আশ্বাস দিছিল যে, UGC-এ ইয়াৰ যত্ন লৈছে আৰু ব’ৰ্ডে তেওঁলোকৰ ফলাফল ঘোষণা নকৰালৈকে নামভৰ্তি আৰম্ভ নহ'ব । ৰাজ্যিক পৰিষদ সম্পৰ্কীয় বিষয়টো এতিয়াও আদালতত বিচাৰাধীন হৈ আছে আৰু বৃহস্পতিবাৰে শুনানি হ'ব ।

অন্ধ্ৰ প্ৰদেশ চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে নে নাই সেই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিব লাগিব । আদালতে লগতে কয় যে, এই ক্ষেত্ৰত যিকোনো ঘটনা সংঘটিত হ’লে ৰাজ্যখন দায়বদ্ধ বুলি গণ্য কৰা হ'ব । আদালতক জনোৱা হৈছিল যে, অন্ধ্ৰ প্ৰদেশে পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে আৰু নিশ্চিতভাৱে ৫ লাখ শিক্ষাৰ্থীক চম্ভালিবলৈ সক্ষম হ'ব । অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই আৰু জুলাইলৈ সিদ্ধান্ত পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক: ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

ABOUT THE AUTHOR

...view details