নতুন দিল্লী, 28 নৱেম্বৰ:চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কৰ্মৰত চিকিৎসকক আসন সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে 2020-21 ৰ শৈক্ষিক বৰ্ষৰ বাবে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত কৰ্মৰত চিকিৎসক সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ অস্বীকাৰ কৰে ৷
উচ্চতম ন্যায়ালয়ে ইয়াৰ অন্তৱৰ্তীকালীন আদেশত এইবুলি কয় যে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত সেৱাত থকা চিকিৎসক সকলৰ বাবে 50 শতাংশ আসন সংৰক্ষণৰ কথা উল্লেখ কৰি তামিলনাডু চৰকাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশনাই মেধাবী চিকিৎসকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব যিহেতু তামিলনাডুৰ চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত 50 শতাংশ আসন সেৱাত থকা চিকিৎসক সকলৰ বাবে সংৰক্ষিত থাকিব ৷
চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কেৰালাৰ উচ্চ ন্যায়ালয় আৰু তামিলনাডু চৰকাৰে ইন-চাৰভিচ-কোটা ক লৈ যি নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই কৰা আবেদনক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই অন্তৱৰ্তীকালীন আদেশ দিয়ে আৰু আসন সংৰক্ষনৰ বিষয়টোত অসন্মতি প্ৰদান কৰে ৷