অসম

assam

ETV Bharat / bharat

লভ জেহাদ : উত্তৰ প্ৰদেশ চৰকাৰৰ আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ - love jihad law

লভ জেহাদ সন্দৰ্ভত দাখিল কৰা গোচৰৰ স্থানান্তৰণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ ধৰ্মান্তৰণ বিৰোধী অধ্যাদেশৰ বিৰুদ্ধে জনোৱা সকলো আবেদন এলাহবাদ উচ্চ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ বাবে আবেদন জনাইছিল উত্তৰ প্ৰদেশ চৰকাৰে ৷ অৰবিন্দ ববডেৰ নেতৃত্বত বহা তিনিজনীয়া বিচাৰপীঠে আবেদন গ্ৰহণ কৰাত অস্বীকাৰ কৰে ৷

Court rejects UP govt's plea to transfer 'love jihad' cases
Court rejects UP govt's plea to transfer 'love jihad' cases

By

Published : Jan 25, 2021, 8:46 PM IST

নেচনেল ডেস্ক, 25 জানুৱাৰী :লভ জেহাদ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদনৰ গ্ৰহণ কৰাত উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ধৰ্মান্তৰণ বিৰোধী অধ্যাদেশৰ বিৰুদ্ধে জনোৱা সকলো আবেদন এলাহবাদ উচ্চ ন্যায়ালয়ৰ পৰা স্থানান্তৰ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদনৰ উপৰত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে অস্বীকাৰ কৰে ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডেৰ নেতৃত্বত বহা তিনিজনীয়া এখন বিচাৰপীঠে লভ জেহাদ বিষয়টোৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদন খনৰ ওপৰত বিচাৰ কৰিবলৈ অস্বীকাৰ কৰে ৷

উত্তৰ প্ৰদেশ চৰকাৰে জনোৱা আবেদন খন গ্ৰহণ কৰিবলৈ অস্বীকাৰ মুখ্য ন্যায়াধীশে কয় যে, উচ্চতম ন্যায়ালয়ে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো উচিত ৷

জানিব পৰা মতে ধৰ্মান্তকৰণ সম্পৰ্কীয় সকলো অধ্যাদেশৰ বিৰুদ্ধে জনোৱা আবেদনসমূহ এলাহবাদ উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ আবেদন জনাই উত্তৰ প্ৰদেশ চৰকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷

ইয়াৰ পূৰ্বে পহিলা নৱেম্বৰত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে ধৰ্মান্তকৰণ অধ্যাদেশ 2020 ৰ বেআইনী ধৰ্মান্তকৰণত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ জানিব পৰা মতে নতুন আইন অনুসৰি বলপূৰ্বক ধৰ্মান্তকৰণৰ অভিযোগত অভিযুক্ত সকলক এবছৰৰ পৰা পাঁচ বছৰলৈ কাৰাবাস প্ৰদান কৰাৰ লগতে 15,000 টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক:তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details