অসম

assam

ETV Bharat / bharat

COVID-১৯ ৰ নকল প্ৰতিষেধক বিক্ৰীঃ শুনানি গ্ৰহণৰ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ - COVID-১৯ৰ প্ৰতিষেধক

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে COVID-১৯ ৰ নকল প্ৰতিষেধকৰ বিক্ৰী প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ অস্বীকাৰ কৰে । দেশত COVID-১৯ ৰ নকল প্ৰতিষেধক বিক্ৰীৰ সম্ভাৱনা প্ৰকট কৰি কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ এই আবেদনখনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ক আহ্বান জনোৱা হৈছিল ।

COVID-১৯ৰ নকল প্ৰতিষেধক বিক্ৰীঃ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
COVID-১৯ৰ নকল প্ৰতিষেধক বিক্ৰীঃ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

By

Published : Feb 11, 2021, 4:56 PM IST

নেশ্যনেল ডেস্ক,১১ ফেব্ৰুৱাৰী: COVID-১৯ ৰ প্ৰতিষেধক প্ৰস্তুত হোৱাৰ পিছৰে পৰা দেশবাসীয়ে কিছু সকাহ পাইছে যদিও এইবাৰ নকল প্ৰতিষেধকক লৈ আশংকা ব্যক্ত কৰিছে একাংশ লোকে । দেশত যাতে দুষ্ট চক্ৰই COVID-১৯ ৰ নকল প্ৰতিষেধকৰ বিক্ৰী কৰিব নোৱাৰে তাৰবাবে আগতীয়াকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছিল ।

অধিবক্তা বিশাল তিৱাৰীয়ে এই আবেদনখন দাখিল কৰিছিল । কিন্তু বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এছ এ ব'বডে, ন্যায়াধীশ এছ এ বোপান্না আৰু ন্যায়াধীশ ভি ৰাম সুব্ৰমনিয়ামৰ তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । বিচাৰপীঠে কয় যে, ৰাজহুৱা স্বাৰ্থজনিত আবেদনখন দাখিলৰ আঁৰত থকা উদ্দেশ্য ন্যায়ালয়ে অনুধাৱন কৰিছে কৰিছে যদিও ন্যায়ালয়ে সাধাৰণ নিৰ্দেশনা জাৰি কৰিব নোৱাৰে ।

ন্যায়ালয়ে অধিবক্তা বিশাল তিৱাৰীক কয় যে, যদি তেওঁ এই আবেদনৰ শুনানি গ্ৰহণ কৰাতো বিচাৰে, তেন্তে সঠিক তথ্য আদালতত জমা দিব লাগিব । এই ক্ষেত্ৰত আদালতে নতুনকৈ আবেদন কৰাৰ অনুমতি দিব বুলিও স্পষ্ট কৰি দিয়ে । ইয়াৰ পিছতে তিৱাৰীয়ে উক্ত আবেদন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে । আবেদনখনত ইণ্টাৰপ'লৰ সচিবৰ এক বিবৃতিও উল্লেখ কৰা হৈছে, য'ত কোৱা হৈছে যে, একাংশ অসাধু চক্ৰই প্ৰতিষেধক যোগান ধৰা কাৰ্যত হস্তক্ষেপ কৰাৰ পৰিকল্পনা কৰি আছে ।

বিবৃতিযোগে ১৯৪ খন দেশক মহামাৰীৰ প্ৰতিষেধকক লৈ দুষ্ট চক্ৰই অবৈধ বেহা আৰম্ভ কৰাৰ সম্ভাৱনা বিষয়ে অৱগত কৰি সকীয়নি দিছিল । এই সন্দৰ্ভত নাগৰিকৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈও আহ্বান জনোৱা হৈছিল । ভাৰততো এই বিষয়ত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰক কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে অধিবক্তা বিশাল তিৱাৰীয়ে উচ্চতম ন্যায়ালয়ক আহ্বান জনাইছিল ।

লগতে পঢ়ক:18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details