নেশ্যনেল ডেস্ক,১৮ জুন:দেশত ক'ভিড মহামাৰী এতিয়াও নিয়ন্ত্ৰণত অহা নাই । বহু ৰাজ্যত শিক্ষাৰ্থী চিকিৎসকসকল ক'ভিড কৰ্তব্য পালন কৰি আছে । এনে সময়তে উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে চিকিৎসা বিশ্ববিদ্যালয়সমূহক স্নাতকোত্তৰ পৰীক্ষা বাতিল বা পিছুৱাই দিবলৈ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে । ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু এম আৰ শ্বাহৰ অৱকাশকালীন বিচাৰপীঠে কয় যে ই সকলো বিশ্ববিদ্যালয়ক স্নাতকোত্তৰ চিকিৎসা পৰীক্ষা অনুষ্ঠিত বা স্থগিত নকৰিবলৈ কোনো সাধাৰণ আদেশ প্ৰদান কৰিব নোৱাৰে ।
শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে (NMC) ইতিমধ্যে এপ্ৰিলত এক পৰামৰ্শ জাৰি কৰি দেশৰ বিশ্ববিদ্যালয়সমূহক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সময়ত ক'ভিড পৰিস্থিতি বিবেচনা কৰিবলৈ কৈছে । বিচাৰপীঠে লগতে কয় যে তেওঁলোকে নতুন দিল্লীৰ এইমছৰ(AIIMS) দ্বাৰা অনুষ্ঠিত আইএনআই চিইটি (INI CET) পৰীক্ষা এমাহ পিছুৱাই দিয়াৰ দৰে সিদ্ধান্তত হস্তক্ষেপ কৰিছে । লগতে কয় যে শিক্ষাৰ্থীসকলক প্ৰস্তুতিৰ বাবে উপযুক্ত সময় নিদিয়াকৈ পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰাৰ কোনো যুক্তি যুক্ততা নাই।
উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে দাখিল কৰা ৰিট আৱেদন দাখিল কৰিছিল য'ত কোৱা হৈছিল এনএমচিয়ে সকলো বিশ্ববিদ্যালয়ক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে শিক্ষাৰ্থীসকলক যুক্তিসঙ্গত সময় দিবলৈ নিৰ্দেশনা জাৰী কৰিবলৈ নিৰ্দেশ দিব লাগে । এই আবেদনো প্ৰত্যাখান কৰে উচ্চতম ন্যায়ালয় । বিচাৰপীঠে প্ৰশ্ন কৰে যে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ যুক্তিসঙ্গত সময় কি হ'ব পাৰে ? আদালতে কেনেকৈ যুক্তিসঙ্গত সময় নিৰ্ধাৰণ কৰিব পাৰে ? প্ৰত্যেকৰে তেওঁলোকৰ যুক্তিসঙ্গত সময় থাকিব পাৰে । বিশ্ববিদ্যালয়খনে তেওঁলোকৰ এলেকাJ মহামাৰী পৰিস্থিতি অনুসৰি এনএমচিৰ পৰামৰ্শৰ আধাৰত সিদ্ধান্ত ল'বলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ ।