নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: বৃহস্পতিবাৰে বোম্বে উচ্চ ন্যায়ালয়(Bombay High Court)ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court) । বোম্বে উচ্চ ন্যায়ালয়ে যৌন নিৰ্যাতন(Sexual assault) সন্দৰ্ভত এক অদ্ভূত ৰায় দিছিল । বোম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে, অভিযুক্তই নিৰ্যাতিতাৰ শৰীৰত স্পৰ্শ কৰিলেহে POCSO আইনৰ অধীনত যৌন নিৰ্যাতন হোৱা বুলি বিবেচনা কৰা হ'ব । অন্যথা এনে কাৰ্যক নিৰ্যাতন বুলি গণ্য কৰা নহয় ।
ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত গঠিত বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ এই ৰায় খাৰিজ কৰি কয় যে, যৌন নিৰ্যাতন চলোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যৌন অভিপ্ৰায় । শিশুৰ শৰীৰত প্ৰত্যক্ষভাৱে স্পৰ্শ কৰাটোহে কেৱল যৌন নিৰ্যাতন নহয়, যৌন অভিপ্ৰায়েৰে কাপোৰৰ ওপৰৰ পৰা স্পৰ্শ কৰিলেও সেয়া নিৰ্যাতন বুলিয়েই গণ্য কৰা হ'ব । অপৰাধীক শাস্তিৰ পৰা পৰিত্ৰাণ কৰাটো আইনৰ উদ্দেশ্য নহয় বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে ।