নতুন দিল্লী, ২৩ ফেব্ৰুৱাৰী: উচ্চতম ন্যায়ালয়ে মঙলবাৰে নাগালেণ্ড চৰকাৰক ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নগৰ পালিকা নিৰ্বাচনৰ লগত জড়িত এটা বিষয়ত নিৰ্বাচন আয়োগৰ অনুৰোধৰ প্ৰতি সঁহাৰি নিদিয়াৰ বাবে প্ৰশ্ন কৰে আৰু কয় যে, ৰাজ্যখনত লিংগ সমতাৰ এটা গুৰুত্বপূৰ্ণ দিশ আওকাণ কৰা হৈছে(SC pulls up Nagaland govt) ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে কয় যে, ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিয়া নাই আৰু কয় যে ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে এই প্ৰক্ৰিয়া সমূহ সংশোধন কৰাৰ বাবে নিৰ্বাচনী কাম-কাজ আৰম্ভ কৰাৰ আগতে কমেও প্ৰায় ছয় মাহ সময় লাগিব পাৰে। নিজৰ মত স্পষ্ট কৰি উচ্চতম ন্যায়ালয়ে লগতে এই বুলিও কয় যে দুখজনক ভাবে ৰাজ্যখনত লিংগ সমতাৰ এটা গুৰুত্বপূৰ্ণ দিশ প্ৰায় এটা দশক ধৰি আওকাণ কৰা হৈছে(Nagaland govt slammed by SC over gender equality) ।
উচ্চতম ন্যায়ালয়ে নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া নগৰ পালিকা নিৰ্বাচন সন্দৰ্ভত পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ (পি ইউ চি এল )নামৰ এক সংস্থাৰ দ্বাৰা দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই মত প্ৰদান কৰে ।
উচ্চতম ন্যায়ালয়ে কয় যে, নাগালেণ্ড ৰাজ্যিক নিৰ্বাচন আয়োগে দাখিল কৰা টোকা অনুসৰি এয়া লক্ষ্য কৰা হৈছে যে দাখিল কৰা প্ৰতিবেদনখনে আকৌ এবাৰ ৰাজ্য চৰকাৰৰ গুৰুত্বহীন মনোভাৱৰ প্ৰতিফলিত কৰিছে । আনকি এই আদালতক দিয়া আশ্বাসৰ উপৰিও তেওঁলোকে অনুসৰণ কৰিব লগা আইনী আদেশও অনুসৰণ কৰা নাই ।