নেশ্যনেল ডেস্ক, 9 আগষ্ট :গণ আন্দোলনে ন্যায়ালয়ৰ ৰায়ৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ 2002 চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱা বিলকিছ বানু গোচৰৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে এয়া ঘোষণা কৰে ৷ বিলকিছ বানু গণ ধৰ্ষণ কৰাৰ লগতে পৰিয়ালৰ সদস্যৰ হত্যাকাণ্ডৰ গোচৰত 11 দোষীৰ আটাইকেইজনকে কৰা শাস্তি ৰেহাইৰ বাবে গুজৰাট চৰকাৰক দিয়া আদেশৰ প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগী বিলকিছ বানু ৷
বিলকিছ বানুৰ অধিবক্তা শোভা গুপ্তাই ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু উজ্জ্বল ভূঞাক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে “জনসাধাৰণৰ আন্দোলন” হৈছে আৰু এয়া দোষীক ক্ষমা প্ৰদানৰ সময়ত বিবেচনা কৰিবলগীয়া অন্যতম গুৰুত্বপূৰ্ণ কাৰক । এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে, জনসাধাৰণৰ আন্দোলনে ন্যায়িক সিদ্ধান্তত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।
শীৰ্ষ আদালতে কয় যে, দোষীৰ মুক্তিৰ বিৰুদ্ধে সমাজৰ আন্দোলনে ইয়াৰ সিদ্ধান্তত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷ আদালতে আইনী দাখিল কৰা বিষয়সমূহ বিবেচনা কৰিব আৰু আইন মানি চলিব । অধিবক্তা গুপ্তাই জোৰ দি কয় যে, সমগ্ৰ দেশতে এই বিষয়টো সন্দৰ্ভত আন্দোলন চলি আছে ।
বিচাৰপীঠে গুপ্তাক কয়, “ধৰি লওক, কোনো ৰাজহুৱা আন্দোলন নাই । আমি আদেশ কি বাহাল ৰাখিম নেকি ? যদি ৰাজহুৱা আন্দোলন হয়, তেন্তে ন্যায়ালয়ৰ আদেশ ভুল নেকি ?” গুপ্তাই কয় যে উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক এজন দোষীয়ে দাখিল কৰা আবেদন বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত সকলো দোষীকে 2022 চনৰ 15 আগষ্টত কাৰামুক্ত কৰি দিয়া হয় ।
উচ্চতম ন্যায়ালয়ত বিলকিচ বানুৰ দোষীক ক্ষমাৰ বিৰুদ্ধে আবেদন জনোৱা জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিঙে দোষীক মালা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে ব্ৰাহ্মণ লোকে অপৰাধ কৰিব নোৱাৰে বুলি দিয়া বক্তব্যক আঙুলিয়াই দিয়ে । অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, মুকলি হোৱা দোষীসকলক মালা পিন্ধোৱাসকল তেওঁলোকৰ পৰিয়ালৰ সদস্য । “পৰিয়ালৰ কোনো সদস্যই মালা পিন্ধি কি বেয়া ?” অতিৰিক্ত ছলিচিটৰ জেনেৰেলে প্ৰশ্ন উত্থাপন কৰে ।
শুনানিৰ সময়ত বানুৰ অধিবক্তাই দাবী কৰে যে গুজৰাটৰ আৰক্ষী, কাৰাগাৰ আৰু সংশোধনী প্ৰশাসনৰ অতিৰিক্ত সঞ্চালক প্ৰধানে দোষীসকলক শাস্তি ৰেহাইৰ বিৰুদ্ধে নেতিবাচক মতামত আগবঢ়াইছিল আৰু লগতে ইয়াৰে ৰাধেশ্যাম শ্বাহ নামৰ এজনক কাৰামুক্তি দিয়া নাছিল ৷ গুজৰাট চৰকাৰৰ 1992 চনৰ 9 জুলাইৰ নীতিৰ অধীনত মুক্তি বিচৰা শ্বাহৰ আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰে আৰু তেওঁ এই আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।
শ্বাহে 15 বছৰ 4 মাহ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ দোহাই দি ক্ষমা বিচাৰিছিল । 2008 চনত মুম্বাইৰ চিবিআই আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল । তেতিয়াৰ নিয়ম অনুসৰি এজন দোষীয়ে 14 বছৰৰ পাছত শাস্তি ৰেহাইৰ বাবে আবেদন কৰিব পাৰিছিল, যিটো তেতিয়া আজীৱন কাৰাদণ্ডৰ সময়সীমা বুলি গণ্য কৰা হৈছিল । ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক বিষয়টো চোৱা-চিতা কৰি দুমাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ কৈছিল যে তেওঁক ৰেমিছন দিয়া হ’ব নে নহয় ।
যুক্তি শুনানিৰ পিছত শীৰ্ষ আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে 9 আগষ্ট বুধবাৰৰ দিনটো নিৰ্ধাৰণ কৰি কয় যে, বিলকিছ বানুৰ দলৱদ্ধ ধৰ্ষণ গোচৰত পিআইএল দাখিল কৰা আবেদনকাৰীসকলৰ অৱস্থান বিবেচনা কৰিব । বানুৱে দাখিল কৰা আবেদনৰ উপৰিও তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰয়ে 11 দোষীৰ শাস্তি ৰেহাইৰ বিৰুদ্ধে পিআইএল দাখিল কৰাৰ লগতে চিপিআই (এম) নেত্ৰী সুভাষিনী আলী, মুক্ত সাংবাদিকতা কৰা ৰেৱতী লাউল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ৰূপ ৰেখা ভাৰ্মাৰকে ধৰি আন কেইবাiৰাকী লোকেও বিলকিছ বানুৰ কাষত থিয় হৈ দোষীৰ শাস্তি ৰেহাইৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছে ।
লগতে পঢ়ক :Gyanvapi campus: জ্ঞানবাপীত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ বিচাৰি দাখিল কৰা আবেদন খাৰিজ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ