নিউজ ডেস্ক, ১৯ আগষ্ট :শনিবাৰে উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ গোচৰ প্ৰায় দুসপ্তাহৰ বাবে স্থগিত ৰখাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ক সমালোচনা কৰে । এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কয়, "এনে বিষয়ত কিছু তাৎক্ষণিকতা থাকিব লাগে । এনেকুৱা গা এৰা দিয়া দৃষ্টিভংগী থাকিব নোৱাৰে...।"
এক বিশেষ বৈঠকত ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু উজ্জল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাৰ যুক্তি উল্লেখ কৰে । আবেদনখন উচ্চ ন্যায়ালয়ত ৭ আগষ্টত দাখিল কৰা হৈছিল আৰু এই আবেদন ৮ আগষ্টত শুনানিৰ বাবে লোৱা হৈছিল । লগতে আবেদনকাৰীৰ স্বাস্থ্য নিশ্চিত কৰাৰ বাবে এখন চিকিৎসা পৰিষদ গঠনৰ বাবে নিৰ্দেশ দিয়া হৈছিল । অধিবক্তাই দাবী কৰে যে ১১ আগষ্টতে চিকিৎসা অধীক্ষকে এখন প্ৰতিবেদন দাখিল কৰিছিল ।
ন্যায়াধীশ নাগাৰাথনাই এই কথাত আচৰিত হয় যে উচ্চ ন্যায়ালয়ে ২৩ আগষ্টত বিষয়টো তালিকাভুক্ত কৰিছে । কিন্তু উচ্চ ন্যায়ালয়ে এই কথাটো এৰাই গৈছে যে এনে বিষয়ত প্ৰতিটো দিনে অতি গুৰুত্বপূৰ্ণ । আনহাতে, আবেদনকাৰীয়ে যেতিয়া উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল, তেতিয়া তেওঁ ইতিমধ্যে ২৬ সপ্তাহৰ গৰ্ভৱতী আছিল । বিচাৰপীঠে উল্লেখ কৰে যে আবেদনকাৰীৰ আবেদন উচ্চ ন্যায়ালয়ে ১৭ আগষ্টত নাকচ কৰিছিল । লগতে এই কথাটো অসন্তুষ্টি প্ৰকাশ কৰে যে উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কোনো কাৰণ প্ৰদান কৰা নাই বা এতিয়ালৈকে আদেশ আপলোড কৰা নাই । "১১ আগষ্টৰ পৰা আজিলৈকে বহু মূল্যৱান সময় হেৰুৱাইছে...।" ন্যায়াধীশ নাগাৰাথনাই কয় ।
ন্যায়াধীশ নাগাৰাথনাই লগতে কয় যে শীৰ্ষ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ আদেশ আপলোড হোৱালৈ অপেক্ষা কৰিব লাগিব । লগতে উল্লেখ কৰে, "যদি আদেশটো (উচ্চ ন্যায়ালয়ে প্ৰদান কৰা) নাথাকে তেন্তে আমি আদেশৰ শুদ্ধতাৰ বিষয়ে কেনেকৈ সিদ্ধান্ত ল'ব পাৰোঁ ?..... ১২ টা মূল্যৱান দিন হেৰুৱাইছে ।" শীৰ্ষ আদালতে গৰ্ভধাৰণ সমাপ্ত কৰাৰ বাবে আবেদনকাৰীৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে আৰু আদালতত উপস্থিত থকা গুজৰাট চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা স্বাতী ঘিলদিয়ালে জাননীখন গ্ৰহণ কৰে ।