অসম

assam

ETV Bharat / bharat

Billkis Bano rape case : দোষীৰ ৰেহাইক প্ৰত্যাহ্বান জনাই আবেদন, উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ - Billkis Bano case

বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক মুক্তি দিয়াক প্ৰত্যাহ্বান জনাই আদালতত আবেদন । সোমবাৰে ন্যায়াধীশ কে এম যোচেফ আৰু বিভি নাগাৰাথনাক লৈ গঠিত বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰিছে (Billkis Bano gangrape)। যোৱা বছৰ গুজৰাট চৰকাৰৰ ৰেহাই নীতিৰ অধীনত মুক্তি দিয়া হৈছিল অভিযুক্তসকলক ।

Billkis Bano rape case
দোষীৰ ৰেহাইক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি

By

Published : Mar 27, 2023, 4:35 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ : প্ৰসংগ: গুজৰাটৰ বিলকিছ বানো দলবদ্ধ ধৰ্ষণ (Billkis Bano gangrape)। ১১ গৰাকী অভিযুক্ত মুক্তি দিয়াৰ পাছতে ইয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছিল । বিগত বছৰ ধৰ্ষণকাৰীসকলৰ মুক্তিৰ পাছতে টিএমচি নেতা মহুয়া মৈত্ৰা আৰু চিপিএম পলিটব্যুৰো সদস্য সুভাষিনী আলীৰ দৰে বিৰোধী নেতাসকলে প্ৰত্যাহ্বান জনাই কেইবাটাও আবেদন দাখিল কৰিছিল ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টো জৰুৰী তালিকাভুক্তৰ বাবে নিৰ্দেশ দিছিল আৰু বিলকিছ বানোক নতুন বিচাৰপীঠক আশ্বাস দিয়া হৈছিল । ইয়াৰ পাছতে সোমবাৰে ন্যায়াধীশ কে এম যোচেফ আৰু বিভি নাগাৰাথনাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ১১ গৰাকী দোষীৰ মুক্তিৰ প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছে (SC hearing on Billkis Bano case)।

কেইবাগৰাকী ৰাজনৈতিক নেতা আৰু নাগৰিক অধিকাৰ কৰ্মীয়ে এই আবেদন দাখিল কৰিছিল আৰু বানোৱে এখন ৰিট আবেদন দাখিল কৰিছিল । বানোৱে আবেদনখনত কৈছে যে ই সমাজৰ বিবেকক জোকাৰি গৈছে । ইফালে দলবদ্ধ ধৰ্ষণৰ বলিয়ে শীৰ্ষ ন্যায়ালয়ত ২০২২ চনৰ ১৩ মে'ৰ আদেশৰ পুনৰীক্ষণ বিচাৰি এক পৃথক আবেদন দাখিল কৰিছিল । অৱশ্যে পৰ্যালোচনা কৰি এই আবেদন যোৱা বছৰৰ ডিচেম্বৰত খাৰিজ কৰা হৈছিল ।

ভুক্তভোগীগৰাকীয়ে তেওঁৰ ৰিট আবেদনত কৈছে যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আইনৰ প্ৰয়োজনীয়তাক সম্পূৰ্ণৰূপে উপেক্ষা কৰি যান্ত্ৰিক আদেশ প্ৰদান কৰিছে । আবেদনখনত লগতে কোৱা হৈছে যে প্ৰতিগৰাকী দোষীৰ গোচৰ ব্যক্তিগতভাৱে পৰীক্ষা নকৰাকৈ এনে সকাহ বিচাৰিব বা অধিকাৰৰ বিষয় হিচাপে মঞ্জুৰ কৰিব নোৱাৰি ।

উল্লেখ্য যে মুম্বাইৰ এখন বিশেষ চিবিআই আদালতে ২০০৮ চনৰ ২১ জানুৱাৰীত বানোক দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালক হত্যাৰ অভিযোগত ১১ গৰাকীক যাৱজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল (Billkis Bano case)। গুজৰাট চৰকাৰে ৰেহাই নীতিৰ অধীনত তেওঁলোকক মুক্তি দিয়াৰ অনুমতি দিয়াৰ পাছত যোৱা বছৰ ১৫ আগষ্টত গোচৰটোত দোষী সাব্যস্ত হোৱা ১১ গৰাকীক গোধৰা উপ-কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল । যাক লৈ ভুক্তভোগী লগতে একাংশ লোক যথেষ্ট অসন্তুষ্ট আছিল । ইয়াক প্ৰত্যাহ্বান জনাই একাংশ লোকে দিয়া আবেদনৰ সোমবাৰে শুনানি গ্ৰহণ কৰা হৈছে ।

ইফালে শুনানি পূৰ্বে যোৱা শনিবাৰে এই ধৰ্ষণকাণ্ডৰ এজন অভিযুক্তক বিজেপিৰ একাংশ নেতাৰ সৈতে একেখন মঞ্চতে দেখা গৈছিল । লগে লগে গুজৰাট চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল বিভিন্নজন । সামাজিক মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰাৰ উপৰিও গুজৰাট চৰকাৰক বিভিন্নজনে তীব্ৰ সমালোচনাও কৰিছে ।

লগতে পঢ়ক :Billkis Bano gangrape case : বিজেপি নেতাৰ সৈতে একেখন মঞ্চত বিলকিছ বানুৰ ধৰ্ষণকাৰী

ABOUT THE AUTHOR

...view details