নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰ গোটে দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষক জাননী জাৰি কৰে । এনচিপিৰ বিদ্ৰোহী বিধায়কসকলক দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰাৰ ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আদালতে অধ্যক্ষক নিৰ্দেশ দিয়ে । অজিত পাৱাৰৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে বিধানসভাৰ অধ্যক্ষক নিৰ্দেশ দিবলৈ শৰদ পাৱাৰ গোটে আদালতত আবেদন দাখিল কৰিছিল ।
বিষয়টোৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে কয় যে ন্যায়ালয়ে অধ্যক্ষক এই আবেদনসমূহৰ বাবে সময়সূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালয়ে কোৱা মতে শুকুৰবাৰে উদ্ধৱ ঠাকৰে গোট আৰু শৰদ পাৱাৰ গোটৰ আবেদনসমূহ একেলগে তালিকাভুক্ত কৰা হ'ব ।
আবেদনকাৰী শৰদ পাৱাৰ গোটৰ জয়ন্ত পাটিলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু অজিত পাৱাৰ গোটক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগী শীৰ্ষ আদালতত হাজিৰ হয় । ৰোহতগীয়ে কয় যে অযোগ্যতা সম্পৰ্কীয় আবেদনবোৰ ছেপ্টেম্বৰত হে দাখিল কৰা হৈছিল । ইফালে চিব্বালে কোৱা মতে আবেদনসমূহ জুলাইত দাখিল কৰা হৈছিল । মুখ্য ন্যায়াধীশে কয় যে তেওঁ বিষয়টো শিৱসেনাৰ বিষয়টোৰ সৈতে তালিকাভুক্ত কৰিব । কিন্তু ৰোহতগীয়ে কয় যে দুয়োটা ক্ষেত্ৰতে তথ্যবোৰ পৃথক ।