নেশ্যনেল ডেস্ক,২২ ছেপ্টেম্বৰ :সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰে । মাদ্ৰাজৰ এগৰাকী অধিবক্তাই ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ বাবে আবেদন জনাইছিল । লগতে ষ্টেলিন আৰু তেওঁৰ অনুগামীসকলৰ বিৰুদ্ধে সনাতন ধৰ্ম/হিন্দু ধৰ্মৰ বিৰুদ্ধে আৰু কোনো ঘৃণামূলক ভাষণ নিদিবলৈ আদেশ বিচাৰি আবেদন দাখিল কৰিছিল । সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে সনাতন ধৰ্মৰ ওপৰত কৰা মন্তব্যৰ বাবে উদয়ানিধি ষ্টেলিনক জাননী জাৰি কৰে ।
ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা দামা শেশাদ্ৰী নাইডুক প্ৰশ্ন কৰে তেওঁ কিয় উচ্চ ন্যায়ালয়লৈ গৈ বিষয়টো উত্থাপন নকৰে । নাইডুৱে জোৰ দি কয় যে এগৰাকী সাংবিধানিক কৰ্মকৰ্তাই এনেধৰণৰ কথা কোৱা অনুচিত আৰু দ্বিতীয়তে শিক্ষাৰ্থীসকলক কোনো ধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য কৰিব নালাগে । নাইডুৱে এই বিষয়টো ঘৃণামূলক ভাষণৰ গোচৰৰ অন্তুৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় । বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাক কয় যে তেওঁ শীৰ্ষ আদালতক এখন আৰক্ষী চকীলৈ ৰূপান্তৰ কৰিছে ।