নেশ্যনেল ডেস্ক,১৮ মে':জাল্লিকাট্টুৰ পৰম্পৰাগত ষাঁড় গৰু যুঁজ, কৰ্ণাটকৰ কাম্বালা দৌৰ (Kambala race in Karnataka) আৰু মহাৰাষ্ট্ৰৰ গৰু গাড়ী প্ৰতিযোগিতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান (SC hearing on Jallikattu)। তামিলনাডু চৰকাৰৰ সংশোধিত আইনক অনুমতি প্ৰদান ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে সাংস্কৃতিক ক্ষেত্ৰত 'জাল্লিকাট্টু'ক সাংবিধানিক সুৰক্ষা প্ৰদান কৰে ।
ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ হৈ ৰায় ঘোষণা কৰা ন্যায়াধীশ অনিৰুদ্ধ বসুৱে কয় যে এই ক্ৰীড়াসমূহে পৰম্পৰাগত আৰু সাংস্কৃতিক অধিকাৰ হিচাপে সাংবিধানিক সুৰক্ষা লাভ কৰিব পাৰে । "জাল্লিকাট্টু", যাক "এৰু থাজুভুথাল" বুলিও জনা যায়, হৈছে পোংগল শস্য চপোৱা উৎসৱৰ অংশ হিচাপে তামিলনাডুত খেলা এক ষাঁড় গৰু যুঁজ আনহাতে কৰ্ণাটকত কাম্বালা দৌৰ আৰু মহাৰাষ্ট্ৰৰ গৰু গাড়ীৰ প্ৰতিযোগিতা (Bullock cart races in Maharashtra) একেধৰণৰ খেল ।
বিচাৰপীঠৰ মতে জাল্লিকাট্টু সাংস্কৃতিক ঐতিহ্যৰ অংশ নহয় বুলি ২০১৪ চনৰ ৰায়ৰ সৈতে তেওঁলোক একমত নহয় । তামিলনাডু আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা 'জাল্লিকাট্টু' আৰু গৰু গাড়ী প্ৰতিযোগিতাৰ অনুমতি দিবলৈ প্ৰণয়ন কৰা আইনক আবেদনসমূহে প্ৰত্যাহ্বান জনাইছিল । ন্যায়াধীশ কে এম যোচেফ, অজয় ৰস্তোগী, অনিৰুদ্ধ বসু, হৃষীকেশ ৰয় আৰু চি টি ৰবিকুমাৰক লৈ গঠিত সাংবিধানিক বিচাৰপীঠে গোচৰটোৰ ৰায় প্ৰদান কৰে ।
তামিলনাডু চৰকাৰে শীৰ্ষ ন্যায়ালয়ত দাখিল কৰা নিবেদনৰ সময়ত কৈছিল যে খেলখন আয়োজন কৰাটো এক সাংস্কৃতিক কাৰ্যসূচীৰ অংগ । চৰকাৰে কৈছিল যে 'জাল্লিকাট্টু' আয়োজনত ষাঁড় গৰুৰ প্ৰতি কোনো নিষ্ঠুৰতা নাই । ৰাজ্যখনে শীৰ্ষ ন্যায়ালয়ক কৈছিল যে এইটো এটা ভুল ধাৰণা যে 'জাল্লিকাট্টু'ৰ কোনো সাংস্কৃতিক মূল্য নাই কিয়নো ই এটা খেল আৰু ই মানুহক মনোৰঞ্জন দিয়ে । ৰাজ্য চৰকাৰে পেৰু, কলম্বিয়া আৰু স্পেইনৰ দৰে দেশৰ উদাহৰণ দাঙি ধৰিছিল ।