নিউজ ডেস্ক, 9 মাৰ্চ : ৰাজীৱ গান্ধীৰ হত্যাত জড়িত থকা অন্যতম অভিযুক্ত এ জি পেৰাৰিভালানক বুধবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে (SC grants bail to AG Perarivalan) ৷ পেৰাৰিভালানক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু 32 বছৰ ধৰি তেওঁ কাৰাগাৰত আছিল ৷ তেওঁ বৰ্তমান পেৰোলত বাহিৰত আছে ৷
ন্যায়াধীশ এল নাগেশ্বৰ আৰু ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে দোষীজন ৩০ বছৰতকৈও অধিক সময় কাৰাগাৰত আছে ৷ লগতে কাৰাগাৰত থকা সময়ত তেওঁৰ আচৰণ আছিল সন্তোষজনক ৷ উচ্চতম ন্যায়ালয়ে লগতে এই বিষয়টোও উল্লেখ কৰিছে যে, কেন্দ্ৰই এই জামিনৰ বিৰোধিতা কৰিছে (Centre opposes AG Perarivalan's bail) ৷