অসম

assam

ETV Bharat / bharat

SC grants bail to Satyendar Jain : সত্যেন্দ্র জৈনক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - Satyendar Jain hospitalised

ধন আত্মসাৎ গোচৰত দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্র জৈন (Satyendar Jain in Jail)। কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ কথা বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে ।

SC grants bail to Satyendar Jain
সত্যেন্দ্ৰ জৈনক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

By

Published : May 26, 2023, 12:31 PM IST

নেশ্যনেল ডেস্ক,২৬ মে':অৱশেষত সকাহ পালে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনে । ধন আত্মসাৎ গোচৰত কাৰাগাৰত বন্দী হৈ থকা নেতাগৰাকীক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে (SC grants bail to Satyendar Jain)। স্বাস্থ্যজনিত সমস্যাৰ কথা বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে নেতাগৰাকীক । জৈনক ইডিয়ে এক ধন আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।

নেতাগৰাকীক বৃহস্পতিবাৰে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল (Satyendar Jain hospitalised)। মূৰ ঘূৰোৱাৰ বাবে কাৰাগাৰৰ প্ৰস্ৰাৱগাৰতে বাগৰি পৰিছিল নেতাগৰাকী । লগে লগে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল ।

চিবিআইৰ দ্বাৰা পঞ্জীয়ন কৰা এজাহাৰৰ ভিত্তিত আৰু তেওঁৰ সৈতে জড়িত চাৰিটা কোম্পানীৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ অভিযোগত যোৱা বছৰ ৩০ মে'ত ইডিয়ে সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল (ED arrested Satyendar Jain)। চিবিআইৰ এজাহাৰখন দুৰ্নীতি প্ৰতিৰোধ আইন, ২০১৭ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল ।

সোমবাৰে জৈনৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে স্বাস্থ্যজনিত সমস্যাৰ ভিত্তিত আবেদনৰ জৰুৰী শুনানি বিচাৰিছিল । তাৰ পাছতে শীৰ্ষ ন্যায়ালয়ে বিষয়টো শুনানিৰ বাবে সন্মত হয় । ১৮ মে'ত শীৰ্ষ আদালতে জৈনৰ আবেদনৰ ওপৰত ইডিৰ সঁহাৰি বিচাৰিছিল । সিংভিয়ে তেতিয়া আদালতৰ সন্মুখত উল্লেখ কৰিছিল যে কাৰাগাৰত থকা সময়ত জৈনৰ ৩৫ কিলোগ্ৰাম ওজন হ্ৰাস হৈছে আৰু কেইবাটাও ৰোগত তেওঁ ভুগি আছে ।

৬ এপ্ৰিলত, দিল্লী উচ্চ ন্যায়ালয়ে জৈনৰ জামিনৰ আবেদন খাৰিজ কৰিছিল । উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে জৈনক মুকলি কৰিলে তেওঁ প্ৰমাণৰ সৈতে খেলিমেলি কৰিব পাৰে । ইয়াৰ পূৰ্বে ২০২২ চনত বিচাৰ আদালতে তেওঁৰ পত্নী আৰু আন ৮ গৰাকীৰ বিৰুদ্ধে ইডিৰ গোচৰত অন্তৰ্ভুক্ত কৰিছিল । আদালতে তেওঁৰ চাৰিটা প্ৰতিষ্ঠানকো পৰীক্ষা কৰিছিল যিবোৰ ধন আত্মসাতৰ গোচৰৰ সৈতে জড়িত আছিল ।

যোৱা বছৰৰ ১৭ নৱেম্বৰত, জৈন আৰু আন দুজন ক্ৰমে বৈভৱ জৈন আৰু অংকুশ জৈনৰ জামিন আবেদন খাৰিজ কৰা হৈছিল । আদালতে কৈছিল যে জৈন অপৰাধৰ উপাৰ্জন লুকুৱাই ৰখাত জড়িত আছিল আনহাতে বাকী দুজনে জ্ঞাতভাৱে সত্যেন্দ্ৰ জৈনক অপকৰ্মত সহায় কৰিছিল ।

লগতে পঢ়ক :Satyendar Jain Admitted in Hospital : দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈত্যেন্দ্ৰ জৈন চিকিৎসালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details