নেশ্যনেল ডেস্ক,২১ এপ্ৰিল :গুজৰাটৰ ২০০২ চনৰ গোধৰা ৰে'ল হত্যাকাণ্ড গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৮ দোষীক জামিন প্ৰদান (SC grants bail to 8 convicts of Godhra riots case)। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দোষীকেইজনক জামিন প্ৰদান কৰে । অৱশ্যে, বিচাৰপীঠে আন ৪ জনৰ জামিন আবেদন নাকচ কৰে । ভাৰতৰ ছলিচিটৰ-জেনেৰেলে উল্লেখ কৰা মতে এই ৪ জন ব্যক্তিক জামনি প্ৰদানত কিছু সমস্যা আছে কিয়নো তেওঁলোকে অপৰাধটোত নিৰ্দিষ্ট ভূমিকা পালন কৰা দেখা গৈছিল ।
ঘটনাৰ বিৱৰণ অনুসৰি তেওঁলোকৰ এজন লোৰ পাইপৰ সৈতে ধৰা পৰিছিল, আন এজনে এটা অস্ত্ৰ লৈ আছিল যিটোক গুজৰাটীত 'ধাৰিয়া' বুলি কোৱা হয় । আন এজন দোষীয়ে পেট্ৰ'ল ক্ৰয়, সংৰক্ষণ আৰু কঢ়িয়াই লৈ গৈছিল । আন এজন দোষীয়ে যাত্ৰীসকলক আক্ৰমণ কৰিছিল (2002 Gujarat riots)।
আৱেদনকাৰীসকলৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েয়ে আদালতক ৪ জন দোষীৰ শুনানি স্থগিত ৰাখিবলৈ আহ্বান জনায় যাৰ জামিনৰ বিৰোধিতা ছলিচিটৰ জেনেৰেলে কৰিছিল আৰু আগন্তুক ঈদৰ উদ্ধৃতি দি আন দোষীসকলক জামিন প্ৰদান কৰা হয় । তেওঁ অনুৰোধ কৰিছে যে ৪ জনৰ জামিন আবেদনৰ শুনানি দুসপ্তাহৰ পাছত হ'ব লাগে । কিন্তু ছলিচিটৰ-জেনেৰেলে জামিনৰ আৱেদনসমূহ নাকচ কৰিবলৈ জোৰ দিছে । যাৰ ফলত তেওঁলোকে এবছৰ বা তাতোধিক সময়ৰ পাছত হে পুনৰ আবেদন কৰিব পাৰিব ।