অসম

assam

ETV Bharat / bharat

Gujarat riots case: গোধৰা হত্যাকাণ্ডৰ অভিযুক্ত তিস্তা ছিতলৱাডৰ জামিন মঞ্জুৰ - তিস্তা ছিতলৱাড

সৰ্বোচ্চ ন্যায়ালয়ে গুজৰাটৰ গোধৰা হত্যাকাণ্ডৰ অভিযুক্ত তিস্তা ছিতলৱাডক বুধবাৰে জামিন প্ৰদান কৰে ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায় ৷ অৱশ্যে ন্যায়ালয়ে বান্ধি দিছে কেইবাটাও চৰ্ত ৷

Gujarat riots case
Gujarat riots case

By

Published : Jul 19, 2023, 6:32 PM IST

নেশ্যনেল ডেস্ক, 19 জুলাই:উচ্চতম ন্যায়ালয়ে বুধবাৰে 2002 চনৰ গুজৰাট ৰায়টৰ সৈতে সম্পৰ্কিত গোচৰৰ সন্দৰ্ভত তিস্তা ছিতলৱাডক (Teesta Setalvad) জামিন প্ৰদান কৰে ৷ উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন অস্বীকাৰ কৰি দিয়া আদেশ বাতিল কৰে ৷

গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চতম ন্যায়ালয়ে তিস্তা ছিতলৱাডক জামিন প্ৰদান কৰি কয় যে গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায় ‘অগ্ৰহণযোগ্য’ আছিল ৷ অৱশ্যে, উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়ে যে ছেতলৱাডে গোচৰটোৰ সাক্ষীসকলক প্ৰভাৱিত কৰিবলৈ কোনো চেষ্টা নকৰিব আৰু তেওঁলোকৰ পৰা আঁতৰি থাকিব ৷

স্মৰ্তব্য যে গুজৰাট আৰক্ষীয়ে 2002 চনৰ গুজৰাট হিংসাৰ গোচৰত নথি পত্ৰ প্ৰস্তুত কৰাৰ অভিযোগত তিস্তা ছেতলৱাডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ ন্যায়াধীশ বি আৰ গাভাই, এ এছ বোপান্না আৰু দীপাংকৰ দত্তৰ তিনিজনীয়া বিচাৰপীঠে লগতে নিৰ্দেশ দিয়ে যে ছেতলৱাডে জামিন লাভ কৰিলেও তেওঁৰ পাছপোৰ্ট বিচাৰ আদালতত জমা থাকিব ৷

‘‘আবেদনকাৰীৰ পাছপোৰ্ট সত্ৰ আদালতৰ জিম্মাত থাকিব ৷ আবেদনকাৰীয়ে সাক্ষীসকলক প্ৰভাৱিত কৰাৰ কোনো প্ৰয়াস নকৰিব আৰু তেওঁলোকৰ পৰা আঁতৰি থাকিব ৷" বিচাৰপীঠে কয় । যদিহে তেওঁ এই চৰ্ত উলংঘা কৰা দেখা যায় তেন্তে গুজৰাট আৰক্ষীক শীৰ্ষ আদালতৰ কাষ চাপি জামিন বাতিল কৰিবলৈ অনুমতি প্ৰদান কৰিছে তিনিজনীয়া বিচাৰপীঠে ৷

গুজৰাটৰ গোধৰা হিংসাৰ পিচৰ গোচৰত নিৰীহ লোকক অভিযুক্ত কৰাৰ অভিযোগত আহমেদাবাদ অপৰাধ শাখা আৰক্ষীয়ে পঞ্জীয়ন কৰা এটা গোচৰত গুজৰাটৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰ বি শ্ৰীকুমাৰ আৰু প্ৰাক্তন আইপিএছ বিষয়া সঞ্জীৱ ভট্টৰ সৈতে ছেতলৱাডক 2022 চনৰ 25 জুনত জিম্মাত লোৱা হৈছিল ৷

2022 চনৰ 2 ছেপ্টেম্বৰত শীৰ্ষ ন্যায়ালয়ে ছেতলৱাডক এই গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ৷ অৱশেষত উচ্চতম ন্যায়ালয়ে তিস্তা ছিতলৱাডক বুধবাৰে জামিন প্ৰদান কৰে ৷

লগতে পঢ়ক:Chhattisgarh Assembly Monsoon Session : সুৰাক লৈ উত্তপ্ত ছত্তীশগড় বিধানসভা

ABOUT THE AUTHOR

...view details