অসম

assam

ETV Bharat / bharat

SC on Deaths of Translocated Cheetah : চিতাৰ মৃত্যুত উদ্বেগ প্ৰকাশ ছুপ্ৰিম কোৰ্টৰ - SC concern on deaths of translocated cheetah

উচ্চতম ন্যায়ালয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰিছে । উচ্চতম ন্যায়ালয়ে এইটোও কয় যে চিতাবোৰক আন কোনো ঠাইলৈ স্থানান্তৰ কৰিব নোৱাৰি নেকি ।

SC on Deaths of Translocated Cheetah
SC on Deaths of Translocated Cheetah

By

Published : Jul 20, 2023, 8:48 PM IST

নিউজ ডেস্ক, ২০ জুলাই : কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ মৃত্যুক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয় । উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা এবছৰতকৈও কম সময়ৰ ভিতৰত কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা ৪০ শতাংশ চিতাৰ মৃত্যুৱে 'প্ৰকল্প চিতা'ৰ 'ভাল ছবি' উপস্থাপন নকৰে । শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এই জন্তুবিধ বিভিন্ন অভয়াৰণ্যলৈ স্থানান্তৰ কৰাটো সম্ভৱ হয়নে নহয় সেয়া পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়ে ।

ন্যায়াধীশ বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে চিতাৰ মৃত্যুক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু চৰকাৰক ইয়াক সন্মানৰ বিষয় নকৰিবলৈ কয় । শীৰ্ষ ন্যায়ালয়ে চৰকাৰক এক বিতং শপতনামা দাখিল কৰিবলৈও কয় । এই শপতনামাত চিতাৰ মৃত্যুৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কেও তথ্য বিচাৰিছে ।

বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিক সোধে, বিষয়টো কি, পৰিৱেশ চিতাৰ বাবে অনুকূল নহয়নে নহয় নে আন কিবা কাৰক আছে ? বিচাৰপীঠে কয় যে ২০ টা চিতাৰ ভিতৰত আঠটাৰ মৃত্যু হৈছে আৰু যোৱা সপ্তাহত দুটাৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

"চিতাবোৰক একেটা স্থানতে ৰখাৰ পৰিৱৰ্তে যিকোনো ৰাজ্য বা চৰকাৰ নিৰ্বিশেষে সেইবোৰৰ বাবে এক বা একাধিক বাসস্থান কিয় নিৰ্বাচন কৰিব নোৱাৰে ।" বিচাৰপীঠে কয় ।

এই সন্দৰ্ভত ভাটিয়ে যুক্তি দিয়ে যে সৰ্বোচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষই এই মৃত্যুৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । "এইটো দেশৰ বাবে এক সন্মানীয় প্ৰকল্প ।" ভাটিয়ে কয় । তেওঁ লগতে কয় যে এই মৃত্যুবোৰ উদ্বেগজনক নহয় । প্ৰকল্পটোৰ প্ৰথম বছৰৰ ভিতৰত ৫০ শতাংশলৈকে মৃত্যু হোৱাৰ সম্ভাৱনা আছিল । আনহাতে, বিচাৰপীঠে কয় যে প্ৰাথমিকভাৱে দেখা গৈছে যে পৰিস্থিতিবোৰ সিহঁতৰ বাবে অনুকূল নাছিল আৰু চিতাবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিছিল । এই কথাও জনোৱা হৈছিল যে এটা চিতাৰ গাত বৃক্কৰ ৰোগ ধৰা পৰিছিল ।

ইয়াৰ উপৰি বিচাৰপীঠে প্ৰশ্ন কৰে, আপোনালোকে চিতাবোৰক বিভিন্ন অভয়াৰণ্যলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা কিয় অন্বেষণ নকৰে ? বিচাৰপীঠে কয় যে চৰকাৰে কিছু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা উচিত ।

ইয়াৰ উত্তৰত ভাটিয়ে কয় যে চিতাবোৰৰ মৃত্যু বিভিন্ন কাৰণত হৈছে । আন ৰাজ্যত ব্যৱস্থা কৰাত সমস্যা আছে । তেওঁ কয় যে ৰাজস্থানৰ এখন ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰিত কৰাৰ পিছত ছয়টা বাঘৰ মৃত্যু হৈছিল ।

আনহাতে, বন্যপ্ৰাণী বিশেষজ্ঞ এম কে ৰঞ্জিত সিঙৰ নেতৃত্বত সমিতিখনক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞসকলৰ পৰা দিয়া পৰামৰ্শ-পত্ৰখন দেখুৱাই কয় যে এই পৰামৰ্শবোৰ বিবেচনা কৰা হোৱা নাছিল । এই সন্দৰ্ভত ভাটিয়ে কয় যে পৰামৰ্শসমূহ বিবেচনা কৰা হ'ব ।

উল্লেখ্য, ৰঞ্জিত সিঙৰ নেতৃত্বত গঠিত সমিতিখনে আদালতক সহায় কৰি আছে । যোৱা সপ্তাহত দুটা চিতাৰ মৃত্যুৰ পিছত তেওঁ জৰুৰী শুনানিৰ বাবে আদালতৰ কাষ চাপে । সমিতিখনে কয় যে চৰকাৰৰ দ্বাৰা নিযুক্ত টাস্ক ফ'ৰ্চত চিতা বিশেষজ্ঞ নাই । যুক্তিবোৰ শুনাৰ পিছত শীৰ্ষ আদালতে বিষয়টো ১ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে তালিকাভুক্ত কৰে ।

লগতে পঢ়ক :Manipur Violence: “আপুনি কেতিয়া পদত্যাগ কৰিব মোদীজী ?” -মণিপুৰী কিশোৰী লিচিপ্ৰিয়াৰ টুইটে জোকাৰিছে দেশ

ABOUT THE AUTHOR

...view details