অসম

assam

By

Published : Nov 9, 2022, 6:53 PM IST

ETV Bharat / bharat

SC gives relief to Ranjan Gogoi: ৰঞ্জন গগৈৰ সাংসদ মনোনয়নক লৈ জনোৱা প্ৰত্যাহ্বান খাৰিজ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাবে মনোনীত কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ আদালতত দাখিল কৰা এখন আবেদন বুধবাৰে আদালতে খাৰিজ কৰে(SC gives relief to ex CJI Ranjan Gogoi) ৷ সতীশ এছ কাম্বিয়ে নামৰ এগৰাকী অধিবক্তাই গগৈক উচ্চ সদনৰ সদস্য হিচাবে মনোনীত কৰা কাৰ্যক সংবিধান বিৰোধী আখ্যা দি এই নিযুক্তি বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনাইছিল এক আবেদন ৷

sc-dismisses-plea-challenging-nomination-of-ex-cji-ranjan-gogoi-to-rajya-sabha
ৰঞ্জন গগৈলৈ আদালতৰ সকাহ

নিউজ ডেস্ক, 9 নৱেম্বৰ:উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সাংসদ হিচাবে মনোনীত কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ আদালতত দাখিল কৰা এখন আবেদন বুধবাৰে আদালতে খাৰিজ কৰে (SC gives relief to ex CJI Ranjan Gogoi) ৷

সতীশ এছ কাম্বিয়ে নামৰ এগৰাকী অধিবক্তাই গগৈক উচ্চ সদনৰ সদস্য হিচাবে মনোনীত কৰা কাৰ্যক সংবিধান বিৰোধী আখ্যা দি এই নিযুক্তি বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ৷ ন্যায়াধীশ এছ কে কৌলৰ আদালতে বুধবাৰে কাম্বিয়েৰ আবেদনখন প্ৰচাৰ লাভ কৰিবলৈ চলোৱা এক প্ৰচেষ্টাৰ অংশ বুলি অভিহিত কৰে আৰু আবেদনখন নাকচ কৰে (Court Dismisses Plea Challenging Nomination Of Ranjan Gogoi) ৷

উল্লেখ্য যে, 2018 চনৰ 3 অক্টোবৰৰ পৰা 2019 চনৰ 17 নৱেম্বৰলৈকে ৰঞ্জন গগৈয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 46 সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে মুখ্য ন্যায়াধীশ হিচাবে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰঞ্জন গগৈক দেশৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 2020 চনৰ 16 মাৰ্চত ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাবে নিযুক্তি প্ৰদান কৰিছিল (Ranjan Gogoi was nominated to Rajya Sabha) ৷

মন কৰিবলগীয়া কথাটো হ’ল মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰে এগৰাকী কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক:Homeopathic College Issue : যোৰহাটত হোমিঅপেথিক কলেজ বন্ধৰ প্ৰতিবাদ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details