অসম

assam

By

Published : Jan 7, 2021, 7:21 PM IST

ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবু চালেমৰ আবেদন

আবু চালেমৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ ৷ নিজৰ প্ৰত্যাৰ্পণক অবৈধ বুলি দাবী জনাই কৰা আবেদন খাৰিজ আদালতৰ ৷ অনুচ্ছেদ 32ৰ আধাৰত উচ্চ ন্যায়ালয়লৈ যোৱাৰ স্বাধীনতা প্ৰদান কৰি আবেদন খাৰিজ আদালতৰ ৷

Supreme Court declined to entertain a petition by Abu Salem
উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবু চালেমৰ আবেদন

নেচনেল ডেস্ক, 7 জানুৱাৰী:1993 চনৰ মুম্বাই ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত আবু চালেমে নিজৰ প্ৰত্যাৰ্পণ অবৈধ বুলি দাবী কৰি জনোৱা আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে ৷ জানিব পৰা মতে,আবু চালেমে নিজৰ প্ৰত্যাৰ্পণক অবৈধ বুলি দাবী কৰি ভাৰতীয় কৰ্তৃপক্ষৰ চৰ্তাৱলী উলংঘন কৰাৰ বাবে তেওঁৰ প্ৰত্যাৰ্পণ বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ নেতৃত্বত বহা বিচাৰপীঠে চালেমক তেওঁৰ আবেদন লৈ মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ প্ৰদান কৰি কয় যে, "আমি অনুচ্ছেদ 32ৰ আধাৰত উচ্চ ন্যায়ালয়লৈ যোৱাৰ স্বাধীনতা প্ৰদান কৰি এই আবেদন খাৰিজ কৰিছো ৷

প্ৰাপ্ত তথ্য অনুসৰি উক্ত আবেদনৰ জৰিয়তে চালেমক তাল'জা কাৰাগাৰৰ পৰা তিহাৰ জেললৈ প্ৰেৰণ কৰাৰ বাবেও প্ৰাৰ্থনা জনোৱা হৈছিল যাতে এমিকাচ ক্যুৰিয়ে তেওঁৰ সৈতে কথা পাতিব পাৰে আৰু কিছু নথি পত্ৰ ক্ৰয় কৰিব পাৰে ৷ আদালতৰ এই ৰায়দানৰ পাছতে ভাৰতীয় কৰ্তৃপক্ষই প্ৰত্যাৰ্পণৰ চুক্তি ভংগ কৰিছে বুলি চালেমে অভিযোগ কৰে ৷

1993 চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণত অভিযুক্ত চালেমক দীঘলীয়া আইনী যুঁজৰ পাছত 2005 চনৰ 11 নৱেম্বৰ তাৰিখে পৰ্তুগালৰ পৰা ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছিল ৷ উক্ত ধাৰাবাহিক বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত চালেমে বৰ্তমান যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাবাস খাটি আছে ৷

লগতে পঢ়ক:অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details