নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ হাইদৰপোৰা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰা আমিৰ মাগ্ৰেক (Amir Magray encounter controversy in Jammu Kashmir) ৰাজ্যিক প্ৰশাসনে ধৰ্মীয় বিশ্বাস অনুসৰি অন্তিম সংস্কাৰ কৰাকে ধৰি সন্মানজনকভাৱে সমাধিস্থ কৰা বুলি কোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কীয় এখন আবেদন সোমবাৰে খাৰিজ কৰা হয় (SC dismissed plea on hyderpora encounter) ।
পিতৃ মহম্মদ লতিফ মাগ্ৰেয়ে তেওঁৰ পুত্ৰৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল (Pleaded for recovery body in Supreme Court) । ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত এখন বিচাৰপীঠে অৱশ্যে ৰাজ্যক তেওঁৰ নিকট আত্মীয়ক ৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পালন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু লগতে তেওঁলোকক কবৰস্থানত প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিয়ে ।
ন্যায়াধীশ জে বি পাৰ্ডিৱালাই ৰায়টোৰ অপাৰেটিভ অংশটো পঢ়ি কয়, "এবাৰ এটা মৃতদেহ কবৰ দিয়াৰ পিছত, ইয়াক আইনৰ জিম্মাত থকা বুলি গণ্য কৰা হয় (custody of law) । আদালতৰ আইনত হস্তক্ষেপ ইয়াৰ উলংঘন হ'ব পাৰে । এবাৰ সমাধিস্থ হোৱাৰ পিছত মৃতদেহক আমনি কৰিব নালাগে ।"
বিচাৰপীঠে লগতে উল্লেখ কৰে যে ৰাজ্যিক প্ৰশাসনে অন্তিম সকলো নীতি-নিয়ম পালন কৰাৰ পিছত মৃতদেহটো সমাধিস্থ কৰা হৈছিল বুলি উল্লেখ কৰি এখন শপতনামা দাখিল কৰিছে (buried performing last rites) । যাৰ ভিতৰত আছে ধৰ্মীয় পৰম্পৰা অনুসৰি মৃতদেহক গা ধুওৱা আৰু কাপোৰেৰে ঢাকি ৰখা । ইয়াত মৃতকক সঠিকভাৱে সমাধিস্থ কৰা হোৱা নাই বুলি দেখুৱাবলৈ একো নাছিল ।