নিউজ ডেস্ক, ২৮ এপ্ৰিল :২০২২ চনত দিয়া আদেশৰ পৰিসৰ তিনিখন ৰাজ্যৰ পৰা বৃদ্ধি কৰি উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে (Supreme Court on hate speeches) । এই ক্ষেত্ৰত যদি কোনো অভিযোগো কৰা হোৱা নাই তথাপিও এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছুপ্ৰিম কোৰ্টে আদেশ দিয়ে । ন্যায়ালয়ৰ পৰ্যবেক্ষণত ন্যায়াধীশ কে এম যোচেফ আৰু বিভি নাগাৰাথনাৰ বিচাৰপীঠে ঘৃণামূলক ভাষণক "দেশৰ ধৰ্মনিৰপেক্ষ গাঁথনি প্ৰভাৱিত কৰিবলৈ সক্ষম গুৰুতৰ অপৰাধ" বুলি অভিহিত কৰে (SC termed hate speeches as serious offence) ।
বিচাৰপীঠে কয় যে, ২১ অক্টোবৰ, ২০২২ চনত ছুপ্ৰিম কোৰ্টে দিয়া আদেশ ধৰ্ম নিৰ্বিশেষে প্ৰযোজ্য কৰা হ'ব । লগতে গোচৰ পঞ্জীয়নত হোৱা যিকোনো বিলম্বক আদালত অৱমাননা হিচাপে গণ্য কৰা হ'ব বুলি সতৰ্ক কৰি দিয়ে (SC directs register cases against hate speeches) । "ধৰ্মৰ নামত আমি ক'ত উপনীত হৈছোঁ ? আমি ধৰ্মক যিটো স্তৰলৈ অৱনমন কৰিছোঁ সেয়া সঁচাকৈয়ে দুখজনক ।" দেশৰ শীৰ্ষ ন্যায়ালয়ে উত্তৰ প্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ডক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দি এনেদৰে কৈছিল আৰু ৰাজ্যকেইখনক ধৰ্মনিৰপেক্ষ এখন দেশৰ বাবে আচৰিত ঘটনা বুলি অভিহিত কৰিছিল (Supreme Court strict against hate speeches)।
উল্লেখ্য, ভাৰতৰ সংবিধানত (Constitution of India) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰিকল্পনা আছে বুলি কৈ আদালতে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীক অভিযোগ দাখিলৰ বাবে অপেক্ষা নকৰাকৈ অপৰাধীসকলৰ বিৰুদ্ধে তৎক্ষণাৎ অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছিল । শুকুৰবাৰে বিচাৰপীঠে কয়, "বিচাৰকসকল অৰাজনৈতিক আৰু কোনো সৈতে সম্পৰ্কিত নহয় । তেওঁলোকৰ মনত একমাত্ৰ কথা হৈছে ভাৰতৰ সংবিধান ।"