নেশ্যনেল ডেস্ক,২৫ আগষ্ট :উত্তৰ প্ৰদেশৰ কবি মধুমিতা শুক্লা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নীক কাৰাগাৰ কৰ্তৃপক্ষই মুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে । তেওঁলোকৰ এই মুক্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰাৰ ঘোষণা কৰিছে । যাৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে দুয়োগৰাকী অভিযুক্ত ।
উল্লেখ্য যে ২০০৩ চনত কবি মধুমিতা শুক্লাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হৈছিল প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী । ২০০৭ চনৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে দম্পতীটো । কিন্তু শেহতীয়াকৈ তেওঁলোকে সময়ৰ পূৰ্বে মুক্তিৰ বাবে আবেদন জনাইছিল আৰু সেই আবেদনত সন্মতি প্ৰদান কৰি আদালতে দুয়োগৰাকীকে মুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ।
কিন্তু মধুমিতা শুক্লাৰ ভগ্নী নিধি শুক্লাই অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নীৰ মুক্তিৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন জনাইছিল । কিন্তু আদালতে তেওঁলোকৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । ইফালে উত্তৰ প্ৰদেশৰ কাৰাগাৰ বিভাগে এক নিৰ্দেশত কৈছে যে তেওঁলোকক কাৰাগাৰত ভাল আচৰণৰ ভিত্তিত মুকলি কৰি দিয়া হ'ব ।