নেশ্যনেল ডেস্ক,৬ জুলাই :অসম সন্তান তথা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়ে । কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিকো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছে । কলেজিয়ামে প্ৰস্তাৱত উল্লেখ কৰা মতে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিৰ নিযুক্তিৰ পৰামৰ্শ দিয়া হৈছে ।
বুধবাৰে অনুষ্ঠিত কলেজিয়াম বৈঠকত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
প্ৰস্তাৱটোত কলেজিয়ামে কয় যে উচ্চ ন্যায়ালয়ৰ যোগ্যতা, অখণ্ডতা আৰু দক্ষতা সতৰ্কতাৰে মূল্যাঙ্কন কৰাৰ পাছত কলেজিয়ামে দুয়োগৰাকী মুখ্য ন্যায়াধীশক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে সকলো ক্ষেত্ৰতে যোগ্য আৰু উপযুক্ত বুলি নিশ্চিত কৰিছে ।
ন্যায়াধীশ উজ্জ্বল ভূঞা বৰ্তমান তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ মূল উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় । ন্যায়াধীশ উজ্জ্বল ভূঞাক ২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেওঁ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ আৰু বৰ্তমান ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷