নেশ্যনেল ডেস্ক,৮ মে':মণিপুৰত অস্থিৰতাই বিৰাজ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰিছে । হিংসাজৰ্জৰ মণিপুৰৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিছে শীৰ্ষ আদালতে (SC on Manipur violence)। উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক জাতিগত হিংসাত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষা, সাহায্য আৰু পুনৰ্সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ কৈছে । অৱশ্যে, যোৱা দুটা দিনত ৰাজ্যখনত কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ (Chief Justice D Y Chandrachud) নেতৃত্বত এখন বিচাৰপীঠে হিংসাৰ পাছত মানৱীয় সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি গুৰুত্ব আৰোপ কৰে যে, সাহায্য শিবিৰসমূহত সঠিক ব্যৱস্থা কৰা উচিত আৰু তাত আশ্ৰয় লোৱা লোকসকলক খাদ্য, ৰেচন আৰু চিকিৎসাৰ দৰে মৌলিক সুবিধা প্ৰদান কৰিব লাগে ।
মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠখনত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাও আছে । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই হিংসাৰ মোকাবিলাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে বিচাৰপীঠক অৱগত কৰে । মেহতাই কয় যে সেনা আৰু অসম ৰাইফলছৰ উপৰিও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৫২ টা কোম্পানী সংঘৰ্ষ হোৱা অঞ্চলত মোতায়েন কৰা হৈছে ।