নেশ্যনেল ডেস্ক, ৯ মে':কৰ্ণাটকৰ মুছলমানসকলৰ বাবে ৪ শতাংশ অ'বিচি সংৰক্ষণ বাতিল সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি স্থগিত (Scrap 4 per cent OBC reservation for Muslims)। চৰকাৰে উচ্চতম ন্যায়ালয় পৰৱৰ্তী শুনানিৰ তাৰিখলৈ সিদ্ধান্ত কাৰ্যকৰী নকৰাৰ আশ্বাস দিয়াৰ পাচতে মঙলবাৰে শুনানি স্থগিত ৰাখে । ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত আৰু ন্যায়াধীশ বিভি নাগাৰাথনাক লৈ গঠিত এখন বিচাৰপীঠে শুনানি ২৫ জুলাইৰ বাবে স্থগিত ৰাখে (SC on muslims reservation)।
কৰ্ণাটক চৰকাৰে পুনৰ আশ্বাস দিছে যে পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে মুছলমানসকলৰ বাবে ৪ শতাংশ অ'বিচি সংৰক্ষণ বাতিল কৰাৰ চৰকাৰী নিৰ্দেশৰ ভিত্তিত কোনো নামভৰ্তি বা নিযুক্তি দিয়া নহ'ব (Karnataka Muslims reservation issue)। শুনানিৰ সময়ত, ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত কিছুমান ৰাজনৈতিক নেতাৰ মন্তব্যৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু কৈছে যে, এনে মন্তব্য উপযুক্ত নহয় আৰু বিষয়টো আদালতত থাকিলে ৰাজহুৱা মন্তব্য কৰিব নালাগে ।
আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা দুষ্মন্ত দাৱে গৃহ মন্ত্ৰী অমিত শ্বাহে দিয়া বিবৃতিটো আদালতক অৱগত কৰাৰ পাছতে আদালতে এই মন্তব্য কৰিছে । ইফালে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সংবিধান বিচাৰপীঠৰ সন্মুখত থকাৰ ভিত্তিত স্থগিতাদেশ বিচাৰিছিল । ইয়াৰ পূৰ্বে, কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ মুছলমানসকলৰ বাবে ৪ শতাংশ অ'বিচি সংৰক্ষণ বাতিল কৰাৰ সিদ্ধান্ত ৰক্ষা কৰি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল । ৰাজ্য চৰকাৰে আবেদন কৰিছিল যে, ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থাও ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ বিপৰীত হ'ব ।