নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : প্ৰৱৰ্তন সঞ্চালকালয়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ক জনায় যে দিল্লী সুৰা কেলেংকাৰী সন্দৰ্ভত শুকুৰবাৰে ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) এমএলচি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক ইডিৰ সন্মুখত উপস্থিতিৰ বাবে জাৰি কৰা চমনৰ ওপৰত জোৰ নিদিয়ে ।
প্ৰৱৰ্তন সঞ্চালকালয়ক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) এছ ভি ৰাজুৱে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু সুধাংশু ধুলিয়াৰ বিচাৰপীঠৰ সন্মুখত দাবী কৰে যে কবিতাই পূৰ্বতে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হৈছিল আৰু যদি তেওঁৰ কোনো অসুবিধা হয় তেন্তে চমনৰ তাৰিখ বৃদ্ধি কৰা হ'ব । আনহাতে, কবিতাৰ অধিবক্তাই বিচাৰপীঠক জনায় যে তেওঁক শুকুৰবাৰে মাতি পঠাইছে ।
ৰাজুৱে বিচাৰপীঠৰ সন্মুখত জনায় যে তেওঁ ইতিমধ্যে ইডিৰ সন্মুখত দুবাৰ উপস্থিত হৈছে আৰু যদি তেওঁ ব্যস্ত থাকে তেন্তে প্ৰৱৰ্তন সঞ্চালকালয়ে এই তাৰিখটো আৰু ১০ দিনলৈ বৃদ্ধি কৰিব । বিচাৰপীঠে বিষয়টো সন্দৰ্ভত শুনানিৰ বাবে ২৬ ছেপ্টেম্বৰ তাৰিখ নিৰ্ধাৰণ কৰে । কবিতাৰ অধিবক্তাই জনায় যে এই চমন তেতিয়ালৈকে পিছুৱাই দিয়া উচিত । এই ক্ষেত্ৰত বিচাৰপীঠে ৰাজুক প্ৰশ্ন কৰে, আদালতে ইয়াক ৰেকৰ্ড কৰিব নে সংস্থাটোৱে এইটো কৰিব । তেতিয়া ৰাজুৱে কয়, "আমি এইটো কৰিম...।"
উল্লেখ্য যে দেশৰ শীৰ্ষ ন্যায়ালয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ চমনক প্ৰত্যাহ্বান জনাই কবিতাৰ দ্বাৰা দাখিল কৰা গোচৰটোৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । তেওঁ গ্ৰেপ্তাৰৰ পৰা সুৰক্ষাৰ বাবেও অনুৰোধ কৰিছে । আনহাতে, বিআৰএছ নেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে ।
লগতে পঢ়ক :NSG report on Chandrababu Naidu arrests : চন্দ্ৰবাবুৰ গ্ৰেপ্তাৰৰ সময়ত নিৰাপত্তা ত্ৰুটি, গৃহ মন্ত্ৰালয়লৈ এনএছজিৰ প্ৰতিবেদন