অসম

assam

ETV Bharat / bharat

Ujjain mahakaleshwar Temple: বৈদিক মন্ত্ৰোচাৰণে মুখৰ হ’ল মহাকালেশ্বৰ মন্দিৰৰ গৰ্ভগৃহ - মহাকাল মন্দিৰৰ গৰ্ভগৃহ

পুৱাৰে পৰা বৈদিক মন্ত্ৰোচাৰণে মুখৰ হৈ পৰিল মহাকাল ধাম (Mahakaal temple) ৷ শাওন মাহৰ পহিলা দিন হেতুকে ভগৱান শিৱৰ স্তুতিত গদ্ গদ্ হ’ল মধ্য প্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰৰ গৰ্ভগৃহ ৷ লগতে ভগৱানক আগবঢ়োৱা হ’ল পঞ্চামৃত ভোগো ৷

Mahakaal temple
বৈদিক মন্ত্ৰোচাৰণে মুখৰ হ’ল মহাকালেশ্বৰ মন্দিৰৰ গৰ্ভগৃহ

By

Published : Jul 14, 2022, 1:03 PM IST

নেশ্যনেল ডেস্ক, 14 জুলাই: আজি শাওন মাহৰ প্ৰথমটো দিন (Sawan 2022) ৷ মন্ত্ৰোচাৰণে মুখৰিত হ’ল ভগৱান মহাকালৰ স্তুতি ৷ দেশৰ চৌদিশে আৰম্ভ হ’ল ভগৱান শিৱৰ পূজা-অৰ্চনা ৷ বৃহস্পতিবাৰে পুৱাই বৈদিক মন্ত্ৰোচাৰণেৰে পুৰোহিত আৰু ভক্তসকলে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত ভগৱান শিৱক কৰোৱা হ’ল জল অভিষেক (Devotees offered holy water to the Lord at Mahakaleshwar temple) ।

মন্দিৰৰ পুৰোহিতসকলে জল অভিষেক কৰাৰ সময়ত ভগৱানৰ চৰণত ফল, মৌ, ঘিউ, ফুল, বেলাপাত, কাজু, ৰুদ্ৰাক্ষ, আবিৰ, কুমকুম আৰু অন্যান্য আগবঢ়ায় । লগতে ভগৱান শিৱক পঞ্চামৃতৰ ভোগো আগবঢ়োৱা হয় । তাৰ পিছত, উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰৰ পুৰোহিতসকলে ভষ্মৰ আৰতিৰে সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে ভগৱান শিৱক আৰাধনা কৰা হয় (Mahakaleshwar temple in Ujjain performed Bhasm aarti rituals) ।

উল্লেখ্য যে, পুৱাৰে পৰাই মহাকাল মন্দিৰৰ গৰ্ভগৃহ প্ৰতিধ্বনিত হ’ল বৈদিক শ্লোকেৰে ৷

আনকি মূৰত ৰূপালী চন্দ্ৰ পৰিন্ধান কৰা ভগৱান মহাকালক ৰঙীন কাপোৰেৰে সজাই পৰাই তোলে মন্দিৰৰ সেৱকসকলে । ইয়াৰ বাহিৰেও, ভগৱান শিৱক এটা ৰূপৰ ছাতি, ৰুদ্ৰাক্ষৰ জপমালাৰ লগতে ফুলৰ মালা আৰু ৰঙীন কাপোৰো আগবঢ়োৱা হয় (Ujjain Mahakaleshwar temple baba mahakal makeup)।

লগতে পঢ়ক :Dangoria Puja in Dibrugrah : আৰম্ভপূৰ্ণভাৱে মৰাণত আয়োজন ডাঙৰীয়া পূজা

For All Latest Updates

TAGGED:

Sawan 2022

ABOUT THE AUTHOR

...view details