অসম

assam

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 3:35 PM IST

ETV Bharat / bharat

PM Modi in Chittorgarh : গেহলট চৰকাৰক চোকা আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

ৰাজস্থান শিল নিক্ষেপকাৰী, হিংসা সৃষ্টিকাৰী আৰু মহিলাৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজস্থান ।উন্নয়ন আৰু সামাজিক সুৰক্ষাৰ বাবে ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায় । গেহলট চৰকাৰক সমালোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ ।

PM Modi in Chittorgarh
গেহলট চৰকাৰক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২ অক্টোবৰ :নিৰ্বাচনমুখী ৰাজ্য ৰাজস্থান,ছত্তীশগড়, তেলেংগানা, মধ্যপ্ৰদেশ আৰু মিজোৰামত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰসকলক আকৰ্ষণৰ বাবে নিজ নিজ কাৰ্যপন্থা হাতত লৈছে । কেন্দ্ৰত থকা বিজেপিয়েও ব্যাপক কাৰ্যসূচী হাতত লৈছে । বাকী ৰাজ্যকেইখনৰ লগতে ৰাজস্থানতো বিজেপিয়ে নিৰ্বাচনী তৎপৰতা হাতত লৈছে ।

কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যখনত বিজেপিৰ শীৰ্ষ নেতাসকলৰ আগমন হোৱা দেখা গৈছে । সোমবাৰে ৰাজ্যখনত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানৰ ভোটাৰসকলক বিবেক ভোট দিবলৈ আহ্বান জনায় । আনহাতে শাসনাধিষ্ঠিত কংগ্ৰেছৰ স্বাৰ্থৰ বাবে ৰাজ্যখন ক্ষতিগ্ৰস্ত হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি ৰাজস্থান শিল নিক্ষেপকাৰী, হিংসা সৃষ্টিকাৰী আৰু মহিলাৰ ওপৰত অত্যাচাৰ কৰা সকলৰ এক প্ৰকৃত স্বৰ্গহৈ পৰিছে । ৰাইজক উদ্দেশ্যি তেওঁ কয় যে তেওঁলোকে নাজানে যে কেতিয়া তাত হিংসা আৰম্ভ হ'ব । ৰাইজে ৰাজস্থানত দুৰ্নীতিমুক্ত চৰকাৰ চাব নিবিচাৰে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । যদি ৰাইজে উন্নয়ন আৰু সামাজিক সুৰক্ষা বিচাৰে, তেন্তে বিজেপিক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

ৰাজস্থানৰ চিত্তোৰগড়ত এক ৰেলীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে শাসনাধিষ্ঠ কংগ্ৰেছক লক্ষ্য কৰি লয় । তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে যোৱা ৫ বছৰত ৰাজ্যখনত লুণ্ঠন চলাইছে । ৰাজ্যখন অপৰাধৰ তালিকাত শীৰ্ষত আছে । দুৰ্নীতি আৰু আইন-শৃংখলাৰ বিফলতাৰ ক্ষেত্ৰত ৰাজস্থান এখন আগশাৰীৰ ৰাজ্য বুলিও তেওঁ অভিযোগ কৰে । প্ৰধানমন্ত্ৰীৰ মতে ৰাজস্থানত মহিলাৰ ওপৰত অত্যাচাৰ বাঢ়ি আহিছে কিন্তু চৰকাৰে গুৰুতৰ বিষয়টো সন্দৰ্ভত উদাসীন । এই কাৰণেই ৰাইজে কংগ্ৰেছক ভোট দিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।

ভাষণৰ বেছিভাগ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল কংগ্ৰেছক সমালোচনা কৰে । বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দৰে বিজেপিয়ে ধন লুণ্ঠনত ব্যস্ত হৈ নাথাকে । প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী গেহলটে নিজৰ চকী খন ৰক্ষা কৰিবলৈ ব্যস্ত হৈ আছে আৰু আনফালে দলৰ সহকৰ্মীসকলে পকেট গৰম কৰাৰ দৌৰত আছে ।

লগতে পঢ়ক :PM Narendra Modi in Rajasthan: ৰাজস্থানৰ চিত্তোৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details